কেৰেলাত সদ্য সমাপ্ত ৰাষ্টীয় (International Yoga Competition) যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নাজিৰা শিমলুগুৰি বৰকলা গাৱঁৰ উপাসনা মাউতে ১০-১৫ বছৰ শাখাত তৃতীয় স্থান দখল কৰি আগন্তুক মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে।
উপাসনা বিভূতি বিকাশ মাউৎ আৰু গীতাশ্ৰী মাউতৰ কন্যা। আনহাতে একেখন গাৱঁৰে আয়ুস্মান মহনে ১০-১৫ বছৰ শাখাত অংশগ্রহণ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আৰু আয়ুস্মানো মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হয়।
আয়ুস্মান নিতুল মহন আৰু ৰিমঝিম মহনৰ পুত্ৰ। দুয়োজন যোগ খেলুৱৈৰ এই সফলতাই অঞ্চলটোৰ জনগণক গৌৰাম্বিত কৰি তুলিছে।

