Breaking

টংলা মহাবিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস পালন

0 101

‘বসুধৈৱ কুটুম্বকম’ মূলমন্ত্ৰৰে বিশ্বজুৰি পালিত নৱম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে টংলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এনচিচি,এন এছ এছ,ছাত্র একতা সভাৰ উদ্যোগত আৰু আই কিউএ চিৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়।

টংলা মহাবিদ্যালয় এন চি চি গোটৰ এএনঅ ৰূপন বড়োয়ে আঁত ধৰি উদেশ্য বাখ্যা কৰে।

যোগ শিবিৰ পৰিচালনা কৰা যোগ পৰিদৰ্শক অৰূপ বড়োক আৰোনাইৰে সম্ভাষণ জনোৱা হয়।

যোগ শিবিৰত এন এছ এছৰ প্রগ্ৰাম অফিচাৰ কৃষ্ণকান্ত বসুমতাৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ তাৎপৰ্য বাখ্যা কৰে।

যোগ শিবিৰত উপস্থিত থাকি সহযোগ আগবঢ়াই মহাবিদ্যালয় খনৰ আইকিউএচিৰ সমন্বয়ক মিন্টু পাঠক, অসমীয়া বিভাগৰ অধ্যাপিকা হেমলতা দেৱী আৰু অৱসৰৰী অধ্যাপিকা সবিতা মজুমদাৰ আৰু অধ্যাপিকা প্ৰাৰ্থনা বুঢ়াগোহাঁই লগতে মহাবিদ্যালয় খনৰ ছাত্র-ছাত্ৰী উপস্থিত থাকে।

-অৰূপ বড়ো, টংলা

Leave A Reply