Breaking

হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আন্তজাৰ্তিক যোগ দিৱস পালন

0 78

মানৱ শৰীৰ, মন সুস্থ ৰাখিবলৈ যোগভ্যাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত কুলহাটী পাচগাওঁ পঞ্চায়তৰ সভাকক্ষত হাজো শিশু উণ্ণয়ন প্ৰকল্পৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু হাজো খণ্ড উণ্ণয়ন বিভাগৰ সহযোগত আন্তজাৰ্তিক যোগ দিৱস পালন কৰা হয়।

অনুষ্ঠানত যোগভ্যাসে মানৱ শৰীৰৰ ৰোগ, অসুস্থতা নিৰাময় কৰি মানসিক শক্তিৰ দ্বাৰা মানৱ শৰীৰক নিৰোগী কৰি তোলাত সহায় কৰা এক গঠনমূলক দিশৰ ওপৰত আলোকপাত কৰি সমূহীয়া যোগাসন কৰা হয়।

অনুষ্ঠানত হাজো সংহত শিশু উণ্ণয়ন প্ৰকল্প বিষয়া ড° নছিউৰ ৰহমান, মূখ্য সেৱিকা চাৰ্য ঠাকুৰীয়া, টি কবিতা দেৱী,নিলুফাৰ ইয়াছমিন,নমিতা ডেকা,কামৰূপ জিলা মহিলা পতঞ্জলি যোগ সমিতিৰ সভানেত্ৰী মামনী কলিতা,সম্পাদিকা ৰিতুমণি কলিতা আদি প্ৰায় শতাধিক অংগনবাড়ী,কৰ্মী,সহায়িকা উপস্থিত থাকে।

-অনামিকা কলিতা,হাজো

Leave A Reply