Breaking

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

0 89

উত্তৰ গুৱাহাটী : উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু কামৰূপ জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত নিকেতনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ।

সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনতো এইবেলি যোগ দিৱস উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি কামৰূপ জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত আৰু উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগিতাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন হৈছে ।

নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিতকামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণামী গোস্বামী, বনজিৎ কলিতা, ৰঞ্জন কুমাৰ শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আৰু নিকেতন ছাত্ৰ ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতিৰ সদস্য-সদস্যা আৰু আচাৰ্য-আচাৰ্যাবৃন্দই অংশগ্ৰহণ কৰে ।

আজি অনুষ্ঠান শিশু মস্তিষ্ক, মন স্থিৰ কৰি কিদৰে মনযোগ বৃদ্ধি শিশুৰ মানসিক বিকাশত যোগ প্ৰভাৱ সেই বিষয়ে এটি সুন্দৰ ব্যাখ্যা আগবঢ়ায় । কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব প্ৰণামী গোস্বামীয়ে।

হাজোৰ পৰা অনামিকা কলিতা

Leave A Reply