ধিং মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আন্তজাতিক যুৱ দিৱস উদযাপন

অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত, ধিং মহাবিদ্যালয়ৰ এন এচ এচ গোট, এন চি চি গোট, DBT Star College আৰু Red Ribbonৰ সহযোগত আন্তজাতিক যুৱ দিৱস উদযাপন কৰা হয়৷ ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে এই আন্তজাতিক যুৱ দিৱস উদযাপন কৰা হয়।

কাৰ্যসূচী অনুসৰি ১১ আগষ্টৰ পুৱা ১০ বজাত বক্তৃতা প্ৰতিযোগিতা অনুষ্টিত হয়।বক্তৃতা প্ৰতিযোগিতাৰ বিষয় আছিল বর্তমান সমাজত যুৱ সম্প্ৰদায়ৰ ওপৰত ড্ৰাগছ, HIV/AIDS ৰ প্ৰভাব৷

১২ আগষ্ট পুৱা ৬ বজাত হাফ মাৰাথান দৌৰ, পুৱা ১০ বজাত, অবিভক্ত নগাঁও জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্ৰতিযোগতা, পুৱা ১১ বজাত আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে বাটৰ নাট প্ৰদৰ্শন, ইয়াৰ পিছতে ধিং আৰোগ্য যোগ কেন্দ্রৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা যোগ প্ৰদৰ্শন, দিনৰ ১২ বজাত পৰা এখন সভা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে স্বামী বিৱেকানন্দ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত পোখৰেলে। ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাৰ সভাপতিত্বত সভা অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্রদান কৰে ধিং ৰাজহ চক্রৰ চক্র বিষয়া বিলিভিয়া চৌধুৰীয়ে। সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণ সহকাৰী সঞ্চালক ৰাজীৱ শৰ্মাই ভাষণ প্রদান কৰে।

সভাত ধিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ৰিয়াজ উদ্দিন, অসম ৰাজ্যিক এইডচ নিয়ন্ত্ৰণৰ সদস্যা পিংকী বৰুৱা, মহিউদ্দিন আব্দুল কাদিৰ, এন এচ এচ গোটৰ প্ৰগেম অফিচাৰ ড০ মুকুট মণি শইকীয়া আৰু এন চি চি গোটৰ তত্বাৱধায়ক পুৰন্দ গগৈ, Red Ribbon গোটৰ উজ্জয়ন্ত দাস আদি কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্রদান কৰে । উক্ত সভাতেই বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোতাৰ বঁটা সমূহ বিতৰণ কৰা হয় ।

-বাশ্বাৰ উল্লাহ মুজাদ্দাদী, ধিং

Related Articles