শিল্পী পেন্সনপ্ৰাপক,অসমৰ আগশাৰীৰ বিশিষ্ট নাগাৰা নামৰ পাঠক (শিল্পী) কৈলাশ তালুকদাসহ নাগাৰা নামৰ কেইবাগৰাকী পাঠক-পাঠিকাৰ এটি সজাঁটি দলে আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক অসম সচিবালয়ত সাক্ষাৎকাৰ কৰে।
দলটিয়ে মুখ্যমন্ত্ৰী আৰু নলবাৰী বিধায়কক পিতলৰ নাগাৰা, কুৰকুৰি আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে।লগতে দলটোৱে শিল্পীসকলে বিগত দিনত ভুগি অহা তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক অৱগত কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে নাগাৰা নামৰ পাঠক -পাঠিকাসকলৰ সমস্যাসমুহ পৰ্যায় ক্ৰমে সমাধান কৰাৰ উপৰিও অসমৰ ধৰ্মীয় সংস্কৃতিৰ লাইখুটা সদৃশ গুৰুজনাৰ অমৰ সৃষ্টি নাগাৰা নামক বিশ্বৰ বুকুত প্ৰতিস্থা কৰিবলৈ চেষ্টা কৰি যাম বুলি আশ্বাস প্ৰদান কৰাৰ লগতে নলবাৰীৰ চৰকাৰী ভুমিত নলবাৰী জিলা নাগাৰা নাম সংঘৰ কাৰ্যালয় এটি স্থাপন কৰাৰ সুবিধাও প্ৰদান কৰিব বুলি দলটোক আশ্বাস প্ৰদান কৰে ।

