Breaking

আইঅচি, গুৱাহাটীৰ ৰোগ প্ৰতিৰোধ চিকিৎসা শিবিৰ

0 55

শনিবাৰে ইণ্ডিয়ান অইল কৰ্পোৰেচন (আইঅচি) ৰ গুৱাহাটীস্থ বেটকুচি বাছ টাৰ্মিনেলত তেলবাহী বাছৰ চালক আৰু কৰ্মীসকলৰ বাবে অসম স্বাস্থ্য সেৱা সমবায়ে এক্সেলকেয়াৰ হস্পিটালৰ সহযোগত এটা ৰোগ প্ৰতিৰোধ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। ১১০ গৰাকীৰো অধিক লোকৰ পৰীক্ষা কৰা হয় এই শিবিৰত। এইক্ষেত্ৰত আইঅচি কতৃপক্ষই সম্পূৰ্ণ সহায় সহযোগ আগবঢ়ায়। সকলো চালকক সাঙুৰি ল’ব পৰাকৈ নিয়মীয়াকৈ এনে শিবিৰ অনুষ্ঠিত কৰিবলৈ সাজু আইঅচি কৰ্তৃপক্ষ।

১৯৮০ চনৰ ১০৮ নিযুতৰ পৰা ২০১৪ চনত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪২২ নিযুতলৈ বাঢ়িছিল। বৰ্তমান বিশ্বৰ ৯.৩% প্ৰাপ্তবয়স্কৰ এই ৰোগ আছে। ভাৰতৰ দৰে দেশত এই সংখ্যা তুলনামুলকভাৱে বহু বেছি।‌‌ ডায়েবেটিছৰ জটিলতাত কিডনি বিকল‌ হ’ব পাৰে। ইয়াৰ পৰিণতিত অন্ধত্ব,‌‌ হাৰ্ট এটাক,‌‌ ভৰি কাটি পেলাবলগীয়া হোৱা আদি হ’ব পাৰে। ডায়েবেটিছ এটা ভয়াবহ কিন্তু ‌‌প্ৰতিৰোধ কৰিব পৰা বেমাৰ। প্ৰী-ডায়েবেটিক অৱস্থাত ইয়াক ধৰা পেলাব পাৰিলে উত্তম। প্ৰী-ডায়েবেটিকসকলৰ বুজন সংখ্যকৰেই ডায়েবেটিছ হয়। ভয়াবহ কথা যে‌ প্ৰতি ৬জন ভাৰতীয়ৰ ১জন প্ৰী-ডায়েবেটিছ অৱস্থাত আছে। মেদবহুলতা ইয়াৰ অন্যতম কাৰণ।

জন্ম লগ্নৰ পৰা বিগত ৪টা বছৰত অসম স্বাস্থ্য সেৱা সমবায়ে ৰোগ‌ প্ৰতিৰোধ চিকিৎসা শিবিৰৰ আয়োজন কৰি আহিছে।ৰাইজে নিজৰ স্বাস্থ্যৰ দায়িত্ব নিজে ল’ব লাগিব। এই আদৰ্শ মানি সমবায়খন গঠিত হৈছিল। সেৱাৰ মনোভাৱেই ইয়াৰ চালিকা শক্তি।‌‌ বহু সম্ভাৱনা বাস্তৱায়িত হোৱা নাই যদিও সমবায়ৰ ভুমিকা এইক্ষেত্ৰত অগ্ৰণী। এই ধাৰণাটোৰ অন্তৰ্নিহিত শক্তিৰ দ্বাৰা সমবায় খন আঙুলিৰ মূৰত গণিব পৰা কেইজনমান কৰ্মীক লৈ আগবাঢ়িছে।‌‌

শেহতীয়াকৈ সমবায়ে ৰক্তপৰীক্ষাৰ বাবে এটা কেন্দ্ৰ গুৱাহাটী ক্লাবত আৰম্ভ কৰিছে। ইয়াত প্ৰায় চাৰিশৰো অধিক পৰীক্ষা উপলব্ধ। থাইৰ’কেয়াৰ নামৰ প্ৰতিষ্ঠিত সৰ্বভাৰতীয় ডাইগনেষ্টিক কোম্পানীটোৰ ই এক অনুমোদিত কেন্দ্ৰ। ইয়াৰ জৰিয়তে আন আন পৰীক্ষাগাৰতকৈ অতি কম হাৰত সমবায়ৰ কেন্দ্ৰটোত ৰোগীয়ে পৰীক্ষা কৰোৱাব পাৰে। তদুপৰি স্বাস্থ্য-পৰীক্ষাৰ জৰিয়তে আগতীয়া ৰোগ নিৰ্ধাৰণৰ কাৰণেও সমবায়ে অতিৰিক্ত ৰেহাই দি থাইৰ’কেয়াৰৰ একাধিক ‘আৰোগ্যম’ পেকেজ নাগৰিকৰ কাৰণে উপলব্ধ কৰিছে। সমবায়ৰ হিতাধিকাৰীয়ে সৰ্বাধিক ৰেহাই পায়। কিন্তু সদস্য নহ’লেও বুজন পৰিমাণৰ ৰেহাই দিয়া হৈছে।

Leave A Reply