IPS Harsh Bardhan: মৰ্মান্তিক! নিযুক্তিৰ প্ৰথম দিনাই পথ দুৰ্ঘটনাত মৃ*ত্যু IPS বিষয়াৰ

এক শোকাৱহ ঘটনা। নিযুক্তিৰ প্ৰথম দিনাই পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে এগৰাকী IPS বিষয়াই। দেওবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পিছত চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আৰক্ষী বিষয়াগৰাকীৰ নাম আছিল হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ মৃত্যুত বহু জ্যেষ্ঠ আৰক্ষী বিষয়াই ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে।(IPS Harsh Bardhan)

প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত আই পি এছ বিষয়াজনে প্ৰথম পোষ্টিঙৰ বাবে গৈ থাকোঁতে মাজবাটতে পথ দুৰ্ঘটনা সংঘটিত হৈ এই পৃথিৱীৰ পৰাই বিদায় ল’লে। কৰ্ণাটকৰ হাছান জিলাত প্ৰথম পদবীৰ দায়িত্ব ল’বলৈ গৈ আছিল বিষয়াগৰাকী। আৰক্ষী বিষয়াগৰাকীৰ নাম আছিল হৰ্ষবৰ্ধনৰ বয়স মাত্ৰ ২৬ বছৰ।(Karantaka)

আৰক্ষীয়ে জনোৱা মতে, কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ আই পি এছ বিষয়া হৰ্ষ বৰ্ধন মধ্যপ্ৰদেশৰ বাসিন্দা আছিল। দেওবাৰে সন্ধিয়া হাছান তালুকৰ কিটানেৰ সমীপত আৰক্ষীৰ বাহনখনৰ টায়াৰ ফাটি যায়। ইয়াৰ পিছতে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে পথৰ দাঁতিত থকা এটা ঘৰ আৰু গছত খুন্দা মাৰে।(IPS Harsh Bardhan died)

Related Articles