ইৰাণ সংকটৰ মাজতে ‘ডুমছডে’ মিছাইল পৰীক্ষা কৰিলে আমেৰিকাই

ইজৰাইল আৰু আমেৰিকাই সন্মিলিতভাৱে ইৰাণ আক্ৰমণ কৰাৰ পিছতে বিশ্বৰ বহুতেই এখন পাৰমাণৱিক যুদ্ধৰ আশংকা কৰিছিল৷ কাৰণ ইৰাণ হৈছে বিশ্বৰ এখন আগশাৰীৰ পাৰমাণৱিক শক্তিধৰ দেশ৷ এনে আশংকাৰ মাজতে আমেৰিকাই নিশা কেলিফৰ্ণিয়াৰ উপকূলত এটা ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰাৰ খবৰ পোৱা গৈছে৷ এই ‘মিনিটমেন ৩’ হিৰোচিমাত নিক্ষেপ কৰা পৰমাণু বোমাতকৈ ২০ গুণ বেছি শক্তিশালী৷ চাণ্টা বাৰ্বাৰাৰ সমীপৰ ভাণ্ডেনবাৰ্গ মহাকাশ বাহিনী ঘাটিৰ পৰা নিক্ষেপ কৰা হৈছিল এই বেলিষ্টিক মিছাইল৷ আনহাতে, ইৰাণে স্পষ্টভাৱে সকীয়াই দিছে যে যদি আমেৰিকা আৰু ইজৰাইলে তেওঁলোকৰ বৰ্তমানৰ শাসন ব্যৱস্থাক ওফৰাই পেলাবলৈ চেষ্টা কৰে তেন্তে ইজৰাইলৰ পাৰমাণৱিক কেন্দ্ৰসমূহত পোনপটীয়াকৈ আক্ৰমণ কৰা হ’ব৷

আমেৰিকাৰ বায়ুসেনাৰ তথ্য অনুসৰি জিটি ২৫৪ নামেৰে পৰিচিত এই নিৰস্ত্ৰ ৰকেটটোৱে পশ্চিম মধ্য প্ৰশান্ত মহাসাগৰৰ মাশ্বেৰ্ল দ্বীপপুঞ্জৰ ওচৰত ইয়াৰ লক্ষ্যত আঘাত কৰে৷ বায়ুসেনাৰ গ্ল’বেল ষ্ট্ৰাইক কমাণ্ডৰ মতে, এই ক্ষেপণাস্ত্ৰৰ ফলপ্ৰসূতা, প্ৰস্তুতি আৰু নিৰ্ভুলতা পৰীক্ষা কৰিবলৈ নিক্ষেপ কৰা হৈছিল৷ ইপিনে, ইৰাণৰ জনসাধাৰণৰ বাবে শাসন ব্যৱস্থা পৰিৱৰ্তনৰ পৰিস্থিতি সৃষ্টি কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ সংঘটিত সামৰিক অভিযান চলোৱাৰ কথা জনায় ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেত্যানিয়াহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ তেহৰাণে এই বক্তব্যসমূহক নিজৰ আভ্যন্তৰীণ বিষয়ত প্ৰত্যক্ষ হস্তক্ষেপ বুলি গণ্য কৰে৷ সূত্ৰ অনুসৰি, আমেৰিকা আৰু ইজৰাইলৰ কৌশল কেৱল সামৰিক ঘাটিতে সীমাবদ্ধ নহয়৷ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ আৰু আনুষংগিক অৰ্ধসামৰিক সংগঠনৰ উপৰি আৰক্ষী থানাকো লক্ষ্য কৰি লোৱা হৈছে৷



Related Articles