iran and israel war । ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ ১২ দিনত দুয়োখনেই ভয়ংকৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হ’ল। ১৩ জুন তাৰিখে ইজৰাইলে আৰম্ভ কৰা “অপাৰেচন লায়ন ৰাইজিং”ৰ প্ৰতি প্ৰতিশোধ হিচাপে ইৰাণেও “অপাৰেচন ট্ৰু প্ৰমিজ ৩”ৰ জৰিয়তে বৃহৎ আক্ৰমণ চলাই দেশখনৰ বিভিন্ন চহৰ কঁপাই তোলে।

ইৰাণৰ বৃহৎ লোকচান
ইজৰাইলৰ সঠিক আৰু সু-সংগঠিত আক্ৰমণত ইৰাণৰ ৬৫৭ৰ পৰা ৮০০ জন লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইয়াৰ ভিতৰত প্ৰায় ২০০ৰ পৰা ৩৬৫জন ইৰাণী সেনা জোৱান, ১৯জন শীৰ্ষ সামৰিক বিষয়া আৰু ১০জন পাৰমাণৱিক বিজ্ঞানীও আছে। ইজৰাইলৰ লক্ষ্য আছিল ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক শক্তি সম্পূৰ্ণভাৱে ধ্বংস কৰা।
নাটাঞ্জ, ফৰ্ডো আৰু ইছফাহানৰ পাৰমাণৱিক কেন্দ্ৰসমূহ, আৰক ৱাটাৰ ৰিয়েক্টৰ আৰু তেহৰাণ ৰিচাৰ্চ চেণ্টাৰত বিস্ফোৰণ ঘটাই ইজৰাইলে ইৰাণৰ ৰাজনৈতিক আৰু সামৰিক স্থিতি কঁপাই তোলে। ইৰাণত ২৫০০ৰ পৰা ৩৫০০ লোক আহত হোৱাৰো তথ্য প্ৰকাশ পাইছে।
ইজৰাইলতো প্ৰতিশোধৰ ফলত ক্ষতিগ্ৰস্ত
ইৰাণৰ প্ৰত্যাঘাতত ইজৰাইলৰ টেল আভিভ, হাইফা আৰু বিয়েৰ শ্বেভা চহৰত বিস্ফোৰণ আৰু ক্ষয়ক্ষতিৰ ঘটনা সংঘটিত হয়। মোছাদৰ মুখ্য কাৰ্যালয়, আইডিএফৰ সদর দপ্তৰ, টেল আভিভ ষ্টক এক্সচেঞ্জ আৰু ছ’ৰোকা মেডিকেল চেণ্টাৰ ধ্বংস হয়। হাইফা বন্দৰ, নৌসেনা ঘাটি আৰু তেল শোধনাগাৰো ইৰাণৰ মিছাইল আক্ৰমণত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়।
ইজৰাইলৰ ২৪ৰ পৰা ৩০ জন লোক নিহত আৰু ৮০৪ জন আহত হোৱাৰ তথ্য সংবাদ মাধ্যমসমূহত প্ৰকাশ পাইছে।
আমেৰিকাৰ কূটনৈতিক ক্ষতি
এই সংঘাতত সামরিকভাৱে আমেৰিকা সক্ৰিয়ভাৱে অংশ লোৱাৰ পিছতো তাৰ কোনো প্ৰতক্ষ সৈনিক ক্ষতি নহয়। তথাপি, বিশ্লেষকসকলে স্পষ্টকৈ কৈছে—এই যুদ্ধত আমেৰিকাৰ আটাইতকৈ বেছি ক্ষতি হৈছে কূটনৈতিক মঞ্চত।
বিশ্বাসযোগ্যতা সংকট, আৰব বিশ্বত প্রভাৱ হ্ৰাস আৰু কূটনৈতিক দখলত পশ্চাদপসৰণৰ দৰে পৰিস্থিতিৰে আমেৰিকাৰ ভূ-ৰাজনৈতিক স্থান বিপন্ন হৈছে।
বিশ্লেষকসকলে সতৰ্কবাণী উচ্চাৰণ কৰি কৈছে—যদি যুদ্ধবিৰতি ভংগ হয়, তেন্তে পৰৱৰ্তী পৰ্যায়ত এই যুদ্ধ অধিক ধ্বংসাত্মক আৰু বিস্তৃত ৰূপ লৈ বিশ্বক অস্থিতিশীল কৰি তুলিব।
সাম্প্ৰতিক এই যুদ্ধ পরিস্থিতিক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি পাইছে। মধ্য প্ৰাচ্যৰ পৰিস্থিতি অনিশ্চিত, আৰু আগন্তুক দিনত এই সংঘাতৰ গতিৰেখা এক গুৰুত্বপূৰ্ণ আন্তর্জাতিক বিষয় হৈ উঠিব বুলি মন্তব্য কৰিছে বিশ্লেষকবৃন্দে।