ক্ৰমাৎ মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ।(Iran Attack israel)নিশা ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰানৰ। ২০টাতকৈও অধিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ।
আনহাতে পুনৰবাৰ ইৰানক সকীয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ইৰানৰ হাতত ভাল অস্ত্ৰ-শস্ত্ৰ আছে যদিও আমেৰিকাৰ লগত তুলনা নহয় বুলি কয় ড’নাল্ড ট্ৰাম্পে।
ইৰাণ-ইজৰাইল যুদ্ধই এতিয়া সাধাৰণ জনতাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। ইজৰাইলৰ হাইফা চহৰত অৱস্থিত বৃহৎ তেল শোধনাগাৰ ‘বাজান’ত ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই। যাৰ ফলত তিনিজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে শোধনাগাৰটোৰ বহু গুৰুত্বপূৰ্ণ উদ্যোগটোৰ যথেষ্ট ক্ষতিসাধন হয়। এই আক্ৰমণৰ পিছত খবৰ ওলাল যে ইজৰাইলত তেলৰ বৃহৎ নাটনি হ’ব পাৰে। পাম্পত তেল পোৱা বন্ধ হ’ব পাৰে। বহু ঠাইত এনে সমস্যাৰ খবৰ ছচিয়েল মিডিয়াতো বিয়পি পৰিল। কিন্তু পিছত ইজৰাইলৰ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। ইজৰাইলৰ শক্তি মন্ত্ৰালয়ে ততাতৈয়াকৈ এই আশংকাক খাৰিজ কৰিছে।
আনহাতে বুধবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত মাৰাত্মক সংঘাতৰ ষষ্ঠটো দিনত দুয়োপক্ষই আক্ৰমণ বেছি কৰিছে। ড’নাল্ড ট্ৰাম্পে ইছলামিক ৰিপাব্লিকক “বিনা চৰ্তত আত্মসমৰ্পণ”ৰ দাবী জনোৱাৰ কেইঘণ্টামানৰ পাছতে তেহৰানে ইজৰাইলৰ ওপৰত নিশাৰ শেহতীয়া আক্ৰমণত হাইপাৰছ’নিক ফাট্টাহ-১ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইলৰ বোমা বিস্ফোৰণ অভিযানত ৱাশ্বিংটনে কোনো ভূমিকা লোৱা নাই বুলি কয় যদিও ইৰাণক সকীয়াই দিয়ে যে তেওঁৰ ধৈৰ্য্য নোহোৱা পৰিছে।
ইজৰাইলৰ সেনাই লগতে কয় যে বুধবাৰে পুৱা প্ৰথম দুঘণ্টাত ইজৰাইলৰ ফালে দুটা ইৰাণৰ ক্ষেপণাস্ত্ৰৰ নিক্ষেপ কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ কাৰ্যালয়ে কয় যে ইৰাণ মধ্যপ্ৰাচ্যৰ ভিতৰতে সৰ্বাধিক সংখ্যক বেলিষ্টিক মিছাইলেৰে সজ্জিত। ইৰানে কয় যে তেওঁলোকৰ বেলিষ্টিক মিছাইলসমূহ আমেৰিকা, ইজৰাইল আৰু অন্যান্য সম্ভাৱ্য বিপদৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ প্ৰতিশোধমূলক শক্তি।