মধ্য প্ৰাচ্যৰ সংকটে এতিয়া চুই গৈছে সমগ্ৰ বিশ্বকে৷ বিশ্বৰ বিভিন্ন দেশত ইন্ধনৰ নাটনিয়ে দেখা দিছে৷ এই জলপথটোৱে বিশ্বৰ সাগৰীয় তেলৰ ব্যৱসায়ৰ প্ৰায় এক চতুৰ্থাংশ আৰু যথেষ্ট পৰিমাণৰ তৰলীকৃত প্ৰাকৃতিক গেছ আৰু সাৰ কঢ়িয়াই নিয়ে৷ প্ৰতিবেদনত কোৱা হৈছে যে ইয়াৰ পৰিণতি অঞ্চলটোৰ বহু ওপৰলৈকে বিস্তৃত হৈ থকা শক্তি বজাৰ, সামুদ্ৰিক পৰিবহণ আৰু বিশ্বৰ যোগান শৃংখলত প্ৰভাৱ পেলায়৷’ ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আমেৰিকা-ইজৰাইল যুদ্ধ সন্দৰ্ভত বাৰ্তালাপ কৰে৷
ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে টেলিফোনিক বাৰ্তালাপৰ সময়ত বিগত ১১ দিনত ইৰাণী জাতিটোৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে সংঘটিত কৰা আক্ৰমণৰ বিষয়ে বিতংভাৱে কয়, য’ত তেওঁ যুদ্ধৰ প্ৰথম দিনাই মিনাবৰ ছোৱালীৰ বিদ্যালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণকে ধৰি জনসাধাৰণৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ আক্ৰমণৰ কথা উল্লেখ কৰে ৷
তেওঁ ইৰাণৰ সাৰ্বভৌমত্ব সম্পূৰ্ণৰূপে ৰক্ষা কৰাৰ ইৰাণৰ দৃঢ় সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে আমেৰিকা আৰু ইজৰাইল চৰকাৰৰ এই আক্ৰমণাত্মক কাৰ্যক ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ মৌলিক সিদ্ধান্ত আৰু নীতি-নিয়ম উলংঘা বুলি অভিহিত কৰি কয় যে এই সামৰিক আক্ৰমণ আৰু আইনৰ প্ৰকাশ্য উলংঘাক নিন্দা কৰাৰ দায়িত্ব সকলো চৰকাৰৰ৷ ইৰাণ আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে জাহাজৰ ওপৰত আমেৰিকা আৰু ইজৰাইল চৰকাৰৰ সামৰিক আক্ৰমণৰ পৰিণতিৰ বিষয়েও আলোচনা কৰে৷
পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে হৰমুজ জলদ্বীপ বন্ধ হ’লে খাদ্যৰ মূল্যবৃদ্ধি আৰু জীৱন-যাপনৰ ব্যয় বৃদ্ধিকে ধৰি বিশ্ব বাণিজ্য আৰু উন্নয়নৰ বাবে যথেষ্ট বিপদৰ সন্মুখীন হ’ব বুলি ৰাষ্ট্ৰসংঘই সকীয়াই দিয়ে৷ ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সন্মিলনে এক প্ৰতিবেদনত কয় যে ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু তেহৰাণৰ প্ৰতিশোধমূলক কাৰ্যৰ ফলত এই অঞ্চলত চলি থকা সামৰিক উত্থানে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ হৰমুজ জলদ্বীপৰ মাজেৰে জাহাজৰ প্ৰবাহত ব্যাঘাত জন্মাইছে৷

