Breaking

মধ্য প্ৰাচ্যত যুদ্ধৰ দামামা, পেলেষ্টাইনক সমৰ্থন ইৰাণ, য়েমেন, ইৰাক, ছিৰিয়া আৰু কাটাৰৰ…

0 89

লেবাননৰ ইছলামিক প্ৰতিৰোধ আন্দোলন হিজবুল্লাই দখলদাৰী ইজৰাইলৰ ওপৰত পেলেষ্টাইনী মুক্তিকামী সংগঠন হামাছৰ আক্ৰমণক সমৰ্থন কৰি কয় যে পেলেষ্টাইনী প্ৰতিৰোধ সংগঠনৰ নেতাৰ সৈতে অহৰহ প্ৰত্যক্ষ যোগাযোগত আছে। সংগঠনটোৱে পেলেষ্টাইনীসকলৰ বিৰুদ্ধে যোৱাকালিৰ বীৰত্বপূৰ্ণ কাৰ্যকলাপৰ বাবে সমগ্ৰ পেলেষ্টাইন জাতিক অভিনন্দন জ্ঞাপন কৰে। হিজবুল্লাই কয় যে এই অভিযান দখলদাৰী ইছৰাইল বাহিনীৰ আগ্ৰাসী কাৰ্যকলাপৰ প্ৰতি এক কঠোৰ বাৰ্তা। ইফালে, য়েমেনৰ চৰকাৰ আৰু জনসাধাৰণে পেলেষ্টাইনীসকলৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন পুনৰবাৰ প্ৰকাশ কৰে। এই অভিযানৰ সমৰ্থনত সমগ্ৰ য়েমেনত হাজাৰ হাজাৰ লোকে সমদল উলিয়াই। এই সময়ছোৱাত তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে শ্লোগান দি পেলেষ্টাইনীসকলৰ সৈতে সংহতি ঘোষণা কৰে। ইয়াৰ উপৰিও ইৰাকৰ চৰকাৰ আৰু জনসাধাৰণেও পেলেষ্টাইনীৰ এই অভিযানৰ সপক্ষে নিজৰ স্থিতি ঘোষণা কৰিছে। দেশৰ প্ৰভাৱশালী সংগঠন হাছদ আল-ছাবী আৰু নুজাবা আন্দোলনে পেলেষ্টাইনী আক্ৰমণৰ সমৰ্থনত বিবৃতি প্ৰকাশ কৰে।

ছিৰিয়া চৰকাৰেও ইজৰাইলৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ প্ৰশংসা কৰি এক বিবৃতি প্ৰকাশ কৰে। কাটাৰ চৰকাৰে পেলেষ্টাইনত চলি থকা পৰিস্থিতিৰ বাবে দখলদাৰী ইজৰাইলক দোষাৰোপ কৰে। ইয়াৰ পূৰ্বে ইৰাণ চৰকাৰে পেলেষ্টাইনী অভিযানক পোনপটীয়াকৈ সমৰ্থন কৰি এক বিবৃতি প্ৰকাশ কৰিছে। ইৰাণৰ সংসদত পেলেষ্টাইনৰ সপক্ষে সমৰ্থন জনাই প্ৰস্তাৱ পাছ কৰিছে। পেলেষ্টাইনক সকলো ধৰণৰ সহায় কৰিব বুলি ঘোষণা কৰিছে । বহু লোকে তেহৰাণত আনন্দ প্ৰকাশ কৰিছে, মছজিদত নামাজ পঢ়ি দোৱা-প্ৰাৰ্থনা কৰিছে। পেলেষ্টাইনীসকলৰ বীৰত্বপূৰ্ণ অভিযানৰ লগে লগে তেহৰাণৰ বিভিন্ন দেৱালত বিভিন্ন পেলেষ্টাইন সমৰ্থক ছবি অংকন কৰা হৈছে। আনফালে ইছৰাইলকো আকৌ আমেৰিকাই সমৰ্থন কৰিছে। আমেৰিকাৰ লগতে ইংলেণ্ড, ফ্ৰান্স, ভাৰতে সমৰ্থন জনোৱাৰ কথা ব্যক্ত কৰিছে। মুঠতে এই এই যুদ্ধ তৃতীয় বিশ্ব যুদ্ধৰ আগজাননী বুলি বা আৰম্ভ বুলি কব পৰা যায়।

Leave A Reply