টিৰাপৰ পাহাৰপুৰত পকী দলং নিৰ্মাণত অনিয়ম সংঘটিত।

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ পৰিৱৰ্তন হল, কিন্তু পৰিৱৰ্তন নহল একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ কৰ্মকাণ্ড। চৰকাৰে উন্নয়নৰ নামত আঁচনি প্ৰস্তুত কৰি পুঁজি আৱন্তন দিছে ঠিকেই কিন্তু সেই পুঁজি সঠিক ভাৱে ব্যৱহাৰ কৰা হৈছেনে নাই তাৰ কিন্তু কোনোধৰণৰ তদাৰক কৰা হোৱা নাই।এচাম দুৰ্নীতি গ্ৰস্থ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ হীন মানসিকতাৰে উন্নয়নৰ নামত কেৱল লুণ্ঠন কৰাহে দেখা গৈছে । এনে ধৰণৰ তথ্য পোহৰলৈ আহিছে মাৰ্ঘেৰিটা সমষ্টিৰ পাহাৰপূৰত নতুকৈ নিৰ্মাণ হোৱা এখন পকী দলঙৰ ক্ষেত্ৰত।এই পকী দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে পাহাৰপুৰ বাসী ৰাইজে। পকী দলংখন নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওঁতেই জহি-খহি গৈছে দলঙৰ কাষৰ অংশ । যি কোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাই চিন্তিত কৰি তুলিছে পাহাৰপুৰ বাসীক।উক্ত দলংখন নিৰ্মাণ কৰোঁতে দলংখনৰ দুয়োপাৰে গাৰ্ড ৱাল দিব লাগিছিল যদিও সেইয়া নিদিয়াৰ বাবে দলঙৰ দুয়োপাৰ খহি পৰা দেখা গৈছে। ইয়াৰোপৰি দলংখনৰ লগত সংলগ্ন পথটো নিৰ্মাণ কৰাৰ সময়ত পথটোত দিয়া শিল, মাটি ইত্যাদি সামগ্ৰী সমূহ তৰপে তৰপে ৰুলাৰ চলাব লাগিছিল কিন্তু তাকে নকৰি সামগ্ৰী সমূহ ওখকৈ পেলাই কেৱল ওপৰ ভাগত মাত্ৰ এবাৰ ৰুলাৰ চলাই পথটো নিৰ্মাণ কৰাত বৰ্তমান পথটোৰ কেইবা ঠাইতো বহল বহল ফাট মেলি ভাঙি যোৱা দেখা গৈছে। নাবাৰ্ডৰ অধীনৰ গ্রাম্য আন্তঃগাঁঠনি উন্নয়ন পুঁজিৰ ১ কোটি, ৪৮ লাখ , ৬৮ হেজাৰ টকা ব্যায়ৰে নিৰ্মাণ কৰা দলঙখনৰ এনে দুৰৱস্থাই সকলোকে আচৰিত কৰি তুলিছে।উল্লেখ যে উক্ত দলংখন নিৰ্মাণৰ নিবিদা লাভ কৰিছিল সুনীল চাহ নামৰ এজন ঠিকাদাৰে। ঠিকাদাৰ জনে এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত  দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।দলংখন নিৰ্মাণত নিয়োজিত থকা বিভাগীয় বিষয়া আৰু অভিযন্তা গৰাকীও ঠিকাদাৰ জনৰ লগত গোপন বুজা বুজিৰে ৰহস্য জনক ভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে।দলংখন নিৰ্মাণৰ ক্ষেত্ৰত উত্থাপন হোৱা এনে অনিয়ম, দুৰ্নীতি আৰু কেলেংকাৰীৰ হবনে উচিত তদন্ত? নে বিভাগীয় ভাৱে গাপ দি ৰখা হব সকলো তথ্য? সময়েহে নিৰূপণ কৰিব কোন দিশে গতি কৰিব উত্থাপিত এই অভিযোগ। অনাগত দিনত সকলোৰে বাবে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব এই অভিযোগ।

Related Articles