Breaking

গ্ৰীষ্মকালত প্ৰতিদিনে নেমুৰ পানী খোৱাতো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী…

0 74

গ্ৰীষ্মকালত প্ৰতিদিনে নেমুৰ পানী খোৱাতো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী… ! গ্ৰীষ্মকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে নেমুৰ পানী খোৱা হ.। নেমু পানী খালে ছালখন জিলিকি উঠে। ইয়াৰ বাহিৰেও দৈনিক নেমুৰ পানী খোৱাৰো আছে বহু উপকাৰীতা। চালাডৰ লগতো নেমু মিহলাই খাব পাৰে। নেমুত বহুতো প্ৰাকৃতিক গুণ পোৱা যায়। ই ভিটামিন চি, কেলচিয়াম, ফলেট আৰু পটাছিয়ামৰ দৰে পুষ্টিকৰ পদাৰ্থৰে ভৰপূৰ, যিবোৰ ছাল আৰু শৰীৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।গ্ৰীষ্মকালত যদি আপুনি দৈনিক নেমু সেৱন কৰে তেন্তে ই শৰীৰৰ লগত জড়িত বহু সমস্যা নিৰাময় কৰে। আজি আমি আপোনালোকক নেমুৰ পানী খোৱাতো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী সেই বিষয়ে জনাম-

গ্ৰীষ্মকালত দৈনিক নেমুৰ পানী খোৱাৰ উপকাৰিতা-

১/ ওজন কমাবলৈ সহায়ক-
নেমুত পেক্টিন থাকে, যিয়ে আপোনাৰ ওজন কমাবলৈ কৰা প্ৰচেষ্টাক আৰু অধিক উপকৃত কৰে। ওজন নিয়ন্ত্ৰণ আৰু চৰ্বি কমোৱাতো নেমু ৰসে সহায় কৰে।

নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চি হৈছে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা এটা পুষ্টিকৰ উপাদান। ইয়াৰ উপৰিও ভিটামিন চিয়ে শৰীৰত শ্বেত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰাত সহায় কৰে, যিয়ে শৰীৰক সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

নেমুৰ বাকলিত পেক্টিন নামৰ দ্ৰৱণীয় আঁহ প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও ই যকৃতত পাচন এনজাইম উৎপাদনত উৎসাহিত কৰে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্মূল কৰাত সহায় কৰে।

আনহাতে যিবোৰ ফলৰ আঁহ বেছি থাকে সেইবোৰে আপোনাৰ তেজৰ চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে। লগতে ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী।

Leave A Reply