Breaking

দৈনিক পনীৰ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে…

0 59

নিৰামিষভোজী মানুহৰ প্ৰিয় ৰেচিপি হ’ল পনীৰ। পনীৰ সুস্বাদু হোৱাৰ উপৰিও স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কিছুমান মানুহে পনীৰ ইমানেই ভাল পায় যে প্ৰতিদিনে খায়। পনীত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কিন্তু প্ৰশ্ন হয়, পনিৰ প্ৰতিদিনে খাব পাৰিনে-

পনীৰ প্ৰটিনৰ এক উত্তম উৎস, যাৰ বাবে ই নিৰামিষভোজীৰ বাবে এক উত্তম বিকল্প। ১০০ গ্ৰাম পানীৰত প্ৰায় ১৮ গ্ৰাম প্ৰটিন থাকে, যিটো ১০০ গ্ৰাম কুকুৰাত পোৱা প্ৰটিনৰ সমান। শৰীৰৰ কলা, এনজাইম, হৰমন আৰু পেশী গঠন আৰু মেৰামতিৰ বাবে প্ৰটিনৰ প্ৰয়োজন।ইয়াৰ উপৰিও পেটৰ পাচন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। লগতে পনীৰ খোৱাৰ পিছত পেটটো বহু সময়লৈকে ভৰি থকা যেন অনুভৱ হয়। যাৰ বাবে আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰে।

পানীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিয়ে হাড়ক শক্তিশালী আৰু সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেলচিয়ামে হাড় শক্তিশালী কৰাই নহয় অষ্টিঅ’পৰ’ছিছৰ আশংকাও ৰোধ কৰে। হাড় দুৰ্বল আৰু ভংগুৰ হৈ পৰা অৱস্থা। ইয়াৰ উপৰিও ইয়াত ফছফৰাছ থাকে, যিয়ে কেলচিয়ামৰ সৈতে মিলি হাড়ক শক্তিশালী আৰু সুস্থ কৰি ৰাখে। যিসকলৰ হাড়ৰ লগত জড়িত ৰোগ যেনে অষ্টিঅ’পৰ’ছিছৰ আশংকা থাকে তেওঁলোকৰ বাবে দৈনিক পনিৰ খোৱাটো উপকাৰী হ’ব পাৰে।

দৈনিক পনীৰ খাব পাৰে কিন্তু সীমিত পৰিমাণত খোৱাই ভাল। ই আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব। পানীৰ প্ৰটিন বেছি আৰু কাৰ্বহাইড্ৰেট কম।

পনীৰ জিংকৰ এক গুৰুত্বপূৰ্ণ উৎস, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শ্বেত ৰক্তকণিকা তৈয়াৰ কৰাত জিংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিয়ে সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সামগ্ৰিক স্বাস্থ্যৰ বাবে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা গুৰুত্বপূৰ্ণ আৰু দৈনিক পনীৰ সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে।

পনীৰ পটাছিয়ামৰ এক উত্তম উৎস, যিয়ে বি পি নিয়ন্ত্ৰণৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি তোলাতো সহায় কৰে। ইয়াৰ উপৰিও পনীৰত ছডিয়ামৰ পৰিমাণো কম। যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

পনীৰ খোৱাটো স্বাস্থ্যৰ বাবে ভাল যদিও প্ৰতিদিনে ১০০-২০০ গ্ৰাম পনিৰ খোৱাটো বাঞ্ছনীয়। চৰ্বিৰ পৰা হাত সাৰিবলৈ প্ৰায়ে কম কেলৰিযুক্ত চৰ্বি বা স্কিমড মিল্ক চীজ খোৱাটো বাঞ্ছনীয়। আপুনি ইয়াক দৈনন্দিন জীৱনশৈলীৰ অংশ হিচাপে গঢ়ি তুলিব পাৰে। টিফিন চালাডৰ লগতো খাব পাৰে।


Leave A Reply