Breaking

ৰাতিপুৱা আপেল খোৱাটো উপকাৰি নে অপকাৰি? জানক এই বিষয়ে…

0 72

আপেলৰ উপকাৰিতাৰ বিষয়ে প্ৰায়ে কোৱা হয়, কিন্তু কিয় বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই ব্ৰেকফাষ্টত আপেল খাবলৈ পৰামৰ্শ দিয়ে। কোৱা হয় যে যদি আপুনি দৈনিক এটা আপেল খায় তেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। সেইবাবেই বেছিভাগ খাদ্য বিশেষজ্ঞই এই ফলটো দৈনিক খাদ্যত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে ৰাতিপুৱা খাব লাগে আপেল।

ব্ৰেকফাষ্টত আপেল খোৱাৰ সুবিধাৰ বিষয়ে জানক-

আপেল খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে।আপেলৰ বাকলিত ফেনলিক যৌগ পোৱা যায়, যাৰ বাবে তেজত বেয়া কলেষ্টেৰল জমা নহয় আৰু আপুনি হৃদৰোগৰ পৰা ৰক্ষা পৰে।

ষ্ট্ৰোক প্ৰতিৰোধ
বহু গৱেষণাৰ পৰা দেখা গৈছে যে আপেল খালে ষ্ট্ৰোক আৰু ডায়েবেটিছৰ সম্ভাৱনা কমে ।

শক্তি বৃদ্ধি পায়
আপুনি ৰাতিপুৱা আপোনাৰ ৱৰ্কআউটৰ পূৰ্বে ব্ৰেকফাষ্টত এটা আপেল খাব। কাৰণ ব্যায়ামৰ পূৰ্বে আপেল খালে আপোনাৰ ষ্টেমিনা আৰু শক্তি বৃদ্ধিত সহায়ক হয়।

ওজন বৃদ্ধি হোৱাটো এটা ডাঙৰ সমস্যা বা মেদবহুলতা বহু ৰোগৰ মূল বুলি কোৱা হয়। যদি আপুনি ওজন বজাই ৰাখিব বিচাৰে তেন্তে ব্ৰেকফাষ্টত আপেল খাওক, কাৰণ আপেলত চৰ্বি নগণ্য আৰু আঁহৰ উপস্থিতিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব।

Leave A Reply