বৰ্তমান পূজা ভাটক দেখা গৈছে বিগ বছ অ’টিটি ২ত। শেহতীয়াকৈ যেতিয়া পাপসকলে মহেশ ভাটক তেওঁৰ কন্যা পূজা ভাটৰ বিষয়ে প্ৰশ্ন কৰিছিল, তেতিয়া তেওঁ পূজাৰ সন্দৰ্ভত কৰা প্ৰশ্নক আওকাণ কৰিছিল। শেহতীয়াকৈ বহু প্ৰত্যাশিত ছবি ‘ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানি’ কাষ্ট-এণ্ড-ক্ৰু প্ৰদৰ্শন অনুষ্ঠিত হৈছিল য’ত বি-টাউনৰ সকলো চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিছিল। প্ৰদৰ্শনৰ সময়ত আলিয়া ভাট উপস্থিত হয় তেওঁৰ মৰমৰ স্বামী ৰণবীৰ কাপুৰৰ সৈতে।
আলিয়াৰ পিতৃ-মাতৃ মহেশ ভাটকো দেখা গৈছিল এই প্ৰদৰ্শনীত। মহেশ ভাটক ছবিৰ প্ৰদৰ্শনৰ পৰা ওলাই অহাৰ সময়ত তেওঁলোকৰ ডাঙৰ কন্যা পূজা ভাটৰ বিষয়ে সুধিছিল , কিন্তু মহেশে প্ৰশ্নটোক আওকাণ কৰিছিল। লগতে মহেশ ভাটে ক’লে “মই এতিয়াও আলিয়া ভাটৰ অনুৰাগী।” মহেশ ভাটৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু মানুহে তেওঁক বহুত ট্ৰ’ল কৰিছে। ২৮ জুলাইত মুক্তি পাব ৰকি আৰু ৰাণীৰ প্ৰেম কাহিনী নামৰ এই ছবিখনে।

