Breaking

সংগীৰ নাকৰ শব্দই আপোনাৰ টোপনি ক্ষতি কৰিছে নেকি? কৰক এই কাম…

0 84

সংগীৰ নাকৰ শব্দই আপোনাৰ টোপনি ক্ষতি কৰিছে নেকি? কৰক এই কাম। টোপনিত বহুতৰে নাকেৰে শব্দ হয়, যাৰ ফলত কাষত শোৱা মানুহৰ টোপনি ক্ষতি হয়। যদি এনে সমস্যাৰ ভুক্তভোগী আপুনিও তেন্তে এই সমস্যা সমাধানৰ বাবে কৰক এই কাম-

১) নাক পৰিষ্কাৰ কৰক
প্ৰায়ে নাকত মলি জমা হোৱাৰ বাবে ৰাতি টোপনিত নাকৰ পৰা শব্দ হয়, সাধাৰণতে চৰ্দি-কাহৰ সময়ত এনেকুৱা হয়। গতিকে যিমান পাৰি নাক পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰক।

২/ ওজন কমাব
আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে ক্ষীণ লোকতকৈ মেদবহুল লোকৰ নাক বজোৱা সমস্যা বেছি। গতিকে এই সমস্যাৰ পৰা হাত সাৰিবলৈ ওজন কমাবলৈ চেষ্টা কৰক। ইয়াৰ বাবে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক আৰু শাৰীৰিক ব্যায়াম বৃদ্ধি কৰক।

সাধাৰণতে দেখা গৈছে যে যিসকল লোকে পিঠি পেলাই শুৱে তেওঁলোকৰ নাক বজোৱাৰ সমস্যা বেছি হয়। গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ টোপনিৰ পদ্ধতি সলনি কৰক।

Leave A Reply