Breaking

পেট ফুলাৰ সমস্যা আছে নেকি? ৰাতি এই শাক-পাচলি সমূহ খাব নালাগে…

0 64

যদি আপোনাৰ পেট ফুলাৰ সমস্যা আছে, তেন্তে কিছুমান শাক-পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে। কিছু শাক-পাচলিয়ে আপোনাৰ পাচনতন্ত্ৰ দুৰ্বল কৰে আৰু যেতিয়া পাচনতন্ত্ৰৰ কোনো সমস্যা হয় তেতিয়া বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। একে সময়তে বহুতৰে পেট ফুলাৰ সমস্যা হয়।কাৰণ তেওঁলোকে ভজা খাদ্য খায়, ব্যায়াম নকৰে আৰু খাদ্য খোৱাৰ লগে লগে শুই পৰে। যাৰ বাবে পেটৰ বিষ আৰু গেছৰ আৰম্ভ হয়। যদি দৈনিক পেট ফুলাৰ সমস্যা হয় তেন্তে ইয়াক আওকাণ নকৰিব কাৰণ এই সমস্যাই বহু সমস্যাৰ কাৰণ হ’ব পাৰে। আনহাতে যদি আপোনাৰ পেট ফুলাৰ সমস্যা আছে, তেন্তে আপুনি কিছুমান শাক-পাচলি খোৱাৰ পৰা বিৰত থাকক-

পেট ফুলিলে এই শাক-পাচলি খাব নালাগে-

কবি
কবিত বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী যদিও ইয়াক হজম কৰাটো কঠিন। যদি আপোনাৰ পেট ফুলাৰ সমস্যা হয়, তেন্তে ৰাতি কবি সেৱন কৰা উচিত নহয়। কাৰণ কবি খালে হজম হ’বলৈ অধিক সময় লাগে আৰু পেটত গেছৰ আৰম্ভ হ’ব পাৰে। গতিকে ৰাতি সেৱন নকৰিব।
পিঁয়াজ-
কিছুমান মানুহে চালাডত কেঁচা পিঁয়াজ খাই ভাল পায়, কিন্তু দৈনিক সেৱন কৰিলে পেট ফুলিব পাৰে। কাৰণ পিঁয়াজত আঁহৰ পৰিমাণ বেছি হয়।সেয়েহে ৰাতি পিয়াঁজ খোৱাৰ পৰা বিৰত থাকিব লাগে।
আলু
আলু বেছিভাগ মানুহৰে প্ৰিয়। কিন্তু কিছুমান মানুহৰ বাবে ইয়াক হজম কৰাটো কঠিন। কাৰণ ইয়াত ষ্টাৰচ থাকে যাৰ ফলত গেছ আৰু পেট ফুলা হয়। গতিকে যদি আপোনাৰ গেছৰ সমস্যা আছে, তেন্তে ৰাতি সেৱন কৰাটো পৰিহাৰ কৰক।

Leave A Reply