Breaking

বিয়াৰ পূৰ্বেই চুলি সৰা সমস্যা হৈছে নেকি? চিন্তা নকৰিব এই সমস্যাৰ আছে সমাধান…

0 87

বৰ্তমান কম বয়সতে যুৱক-যুৱতীসকলৰ চুলি সৰা সমস্যা বাঢ়িছে। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ খাদ্য। আমি খোৱা প্ৰতিটো বস্তু আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। বিয়াৰ পূৰ্বেই যদি চুলি সৰা সমস্যা বৃদ্ধি পাই তেন্তে লাজৰ সন্মুখীন হ’বলগীয়া হয়। আজি আমি আপোনালোকক জনাম কি কি সেৱনৰ ফলত চুলি সোনকালে সৰে। পৰাপক্ষত এইসমূহ সেৱন কৰিবলৈ এৰি দিব-
১/ চেনি
ডায়েবেটিছ ৰোগীক প্ৰায়ে কম চেনি খাবলৈ পৰামৰ্শ দিয়া হয়। চেনি খোৱাৰ ফলত আপোনাৰ চুলি সোনকালে সৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত শক্তি লাভৰ বাবে যিমান পৰিমাণৰ মিঠা বস্তু খাব লাগে সিমান পৰিমাণৰহে খাব লাগে।
২/ জাংক আৰু ফাষ্ট ফুড
বজাৰত উপলব্ধ জাংক আৰু ফাষ্ট ফুড আমি ভাল পাওঁ। কিন্তু ই আমাৰ স্বাস্থ্য সম্পূৰ্ণ ৰূপে নষ্ট কৰিব পাৰে। ইয়াত থকা চেচুৰেটেড ফেটে কেৱল ওজন বৃদ্ধি কৰাই নহয়, চুলিৰ বহু ক্ষতিও কৰে। ইয়াত পোৱা DHT নামৰ এণ্ড্ৰজেনে চুৰি সৰা বৃদ্ধি কৰে আৰু মূৰৰ ছালখন তেলীয়া কৰি তোলে। ইয়াৰ বাবে চুলিৰ সৰাৰ সমস্যাৰ সৃষ্টি হয়।

৩/ দূষিত মাছ
মাছ খালে শৰীৰে কেলচিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান লাভ কৰে। কিন্তু যদি আপুনি বজাৰৰ পৰা দূষিত মাছ কিনি খায় তেন্তে তাৰ ফলতো আপোনাৰ চুলি সৰিব পাৰে। সেইবাবেই মাছ কিনাৰ সময়ত সাৱধান হওক।
৪/ মদ্যপান
যুৱক-যুৱতীসকলৰ মাজত মদ্যপানৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ তেওঁলোকৰ চুলিত স্পষ্টকৈ দেখা যায়। আমাৰ চুলি কেৰাটিন নামৰ প্ৰটিনৰ দ্বাৰা গঠিত আৰু আমি যদি মদ সেৱন কৰো তেন্তে ইয়াৰ প্ৰটিন সংশ্লেষণত বেয়া প্ৰভাৱ পৰাটো নিশ্চিত। ইয়াৰ ফলত চুলি দুৰ্বল হৈ পৰে।


৫/ কেঁচা কণীৰ কুহুম
কণী খালে আমি প্ৰটিন আৰু প্ৰাকৃতিক চৰ্বি পাওঁ আৰু ইয়াক মূৰত লগালে চুলি গজে। কিন্তু কেঁচাকৈ কণী কাব নালাগে যাৰ ফলত আমাৰ চুলিত ইয়াৰ প্ৰভাৱ পৰে।

Leave A Reply