Breaking

শৰীৰত তেজৰ অভাৱ হৈছে নেকি? চিন্তাৰ কোনো কাৰণ নাই; দৈনিক কিচমিচ খাওক! কিদৰে খাব কিচমিচ…

0 83

কিচমিচ শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু কিচমিচ যদি সঠিকভাৱে খোৱা নহয় তেন্তে ই স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে। আজি আপোনালোকক কিচমিচ খোৱাৰ সঠিক উপায়ৰ বিষয়ে জনাম।কিচমিচ শৰীৰৰ বাবে অতি উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, প্ৰটিন আৰু কেলচিয়াম থাকে। কিচমিচ খোৱাৰ ফলত হাড়বোৰো মজবুত হয়।কিন্তু কিচমিচ সঠিকভাৱে নাখালে স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে।কিচমিচ খোৱাৰ সঠিক উপায় জানক-

কিচমিচ আৰু পানী
কিচমিচ পানীত তিয়াই খালে শৰীৰৰ ৰক্তহীনতা দূৰ হয়। ১৫টা কিচমিচ লৈ একাপ পানীত ৰাতিটো তিয়াই থ’ব লাগে। এতিয়া ৰাতিপুৱা সাৰ পাই এই কিচমিচ খাব। এইদৰে কিচমিচ খালে ৰক্তহীনতা দূৰ হয় আৰু লগতে শৰীৰক শক্তি প্ৰদান কৰে।
কিচমিচ আৰু গাখীৰ
গাখীৰত তিয়াই থোৱা কিচমিচ খালে ইয়াৰ উপকাৰ বহুগুণে বৃদ্ধি পায়। গাখীৰত তিয়াই কিচমিচ খালে হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি পায় আৰু শৰীৰৰ দুৰ্বলতা দূৰ হয়। গাখীৰত তিয়াই কিচমিচ খালে শৰীৰে শক্তি লাভ কৰে।


গাখীৰত সিজোৱা কিচমিচ খোৱাৰ উপকাৰিতা-
কিচমিচ গাখীৰত সিজাই খালে শৰীৰৰ বহুতো উপকাৰ হয়। ইয়াৰ বাবে ৮ৰ পৰা ১০টা কিচমিচ লৈ এগিলাচ গাখীৰ লওক, এতিয়া এই কিচমিচবোৰ গাখীৰত দি এতিয়া এই গাখীৰ উতলিবলৈ দিয়ক। এই গাখীৰ ডাঠ হ’লে ঠাণ্ডা কৰি খাব। ৰাতি সেৱন কৰিলে অধিক উপকাৰ হয়।


খালী পেট-
খালী পেটত কিচমিচ সেৱন কৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। একে সময়তে খালী পেটত কিচমিচ খালে পাচনতন্ত্ৰও মজবুত হয়। কিচমিচ পানীত তিয়াই খালী পেটত খাব পাৰি।

Leave A Reply