Breaking

হাতত টকা জমা নহয় নেকি? ধনী হোৱাৰ ৬টা টিপছ জানি লওক…

0 93

বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আৰ্থিক স্বাধীনতা অতি প্ৰয়োজন। হাতত টকা থাকিলে আমি অলপ সঞ্চয় কৰি বাকী সকলোখিনি আমাৰ আনন্দ বা বজাৰ কৰা কামত খৰচ কৰিব বিচাৰো। কিন্তু ইয়াৰ দ্বাৰা শেষত আপোনাৰ কোনো লাভ নহয়। গতিকে এই ৬ টা টিপছৰ বিষয়ে জানি লওক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক সুৰক্ষা আপোনাৰ হাতত থাকিব-

১. লক্ষ্য নিৰ্ধাৰণ কৰক-

প্ৰথমে সিদ্ধান্ত লওক যে আপুনি নিজকে জীৱনত আৰ্থিকভাৱে ক’ত চাব বিচাৰে। ইয়াৰ ফলত আপোনাৰ জীৱন ঋণমুক্ত হ’ব। আপুনি সোনকালে অৱসৰ ল’ব পাৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ আৰ্থিক লক্ষ্য নিৰ্দিষ্ট হয়, তেন্তে আপুনি সঞ্চয় বা বিনিয়োগৰ ক্ষেত্ৰত ৰিস্কি পদক্ষেপৰ পৰাও পিছুৱাই যোৱাৰ স্বাধীনতা পাব।

২. আয় আৰু ব্যয় সামঞ্জস্যপূৰ্ণ হ’ব লাগে-

সকলো ক্ষেত্ৰতে আৰু পৰিস্থিতিত আপোনাৰ আয়তকৈ খৰচ কম ৰাখক। দৰমহা পোৱাৰ আগতে সঞ্চয়ৰ বাবে কমেও ২০% আঁতৰাই ৰাখক। ইয়াৰ পিছত বাকী থকা দৰমহাৰ পৰা আগতীয়াকৈ বাজেট প্ৰস্তুত কৰিব লাগে। তেতিয়াহে আপুনি অপ্ৰয়োজনীয় ক্ৰয় বা অপ্ৰয়োজনীয় ঋণৰ পৰা হাত সাৰিব পাৰিব।

৩. জৰুৰীকালীন পুঁজি সৃষ্টি-

যেতিয়ালৈকে আপোনাৰ হাতত কোনো জৰুৰী প্ৰয়োজন পূৰণৰ বাবে পৰ্যাপ্ত ধন নাথাকিব, তেতিয়ালৈকে আপুনি আৰ্থিক স্বাধীনতা লাভ কৰিব নোৱাৰিব। সেই পৰিস্থিতি মোকাবিলা কৰাৰ আটাইতকৈ নিৰাপদ উপায় হ’ল আগতীয়াকৈ জৰুৰীকালীন পুঁজি গঢ়ি তোলা। এই পুঁজি এনেদৰে গঢ়ি তোলক যাতে প্ৰয়োজনৰ সময়ত ৬ মাহ খৰচ কৰি থাকিব পাৰে।

৪. বহুমুখী আয় সৃষ্টি কৰক-

মাত্ৰ এটা আয়ৰ উৎস থকাটোৱে আপোনাৰ বিত্তীয় ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। লগতে সঞ্চয় পুঁজি আশা কৰা ধৰণে নহ’ব। গতিকে আপুনি বহুমুখী আয় বা একাধিক উৎসৰ পৰা আয়ৰ ব্যৱস্থাৰ প্ৰয়োজন।

৫. ঋণ হ্ৰাস কৰা-

আৰ্থিক স্বাধীনতাৰ অন্যতম ক্ষতিকাৰক বাধা হ’ল ঋণ। আজিকালি ই এম আইৰ যুগত যিকোনো বস্তু কিনাটো ইমানেই সহজ হৈ পৰিছে যে মানুহে দুবাৰ চিন্তা নকৰাকৈয়ে সোনকালে ধন ধাৰে লয়। ক্ৰেডিট কাৰ্ড থাকিলেও কোনো কথা নাই। কিন্তু ইয়াৰ ফলত কিমান ক্ষতি হৈছে তাক বহুতে নাচায়।

৬. বুদ্ধিমানৰূপে বিনিয়োগ কৰক

বিনিয়োগ কৰাৰ আগতে প্ৰকল্পসমূহ অতি ভালদৰে পৰীক্ষা কৰক। প্ৰয়োজন হ’লেহে বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লৈ আগবাঢ়িব। কিন্তু ভুল বিনিয়োগে প্ৰায়ে ধন হেৰুৱাৰ বৃহৎ আশংকাৰ সৃষ্টি কৰে। গতিকে এনে কোনো পদক্ষেপ লোৱাৰ আগতে জানি-বুজি লওক।


Leave A Reply