Breaking

মুখত ‘open pores’ পৰিছে নেকি? open poresএ মুখৰ সৌন্দৰ্যত বাধাৰ সৃষ্টি কৰে…

0 114

আমাৰ ছালখন অতি সংবেদনশীল আৰু আমাৰ খাদ্য, পানী, টোপনি আৰু প্ৰতিটো কামে আমাৰ ছালত প্ৰভাৱ পেলায়। ছালৰ যত্নৰ ৰুটিনও মানি চলিব লাগে যাতে ছালখন ভালে থাকে। আনহাতে মাজে সময়ে ছালত ছিদ্ৰৰ সমস্যাও দেখা দিয়ে। যাৰ বাবে আপোনাৰ মুখত পিম্পলছৰ সমস্যা হ’ব পাৰে। ছালৰ এই ছিদ্ৰবোৰ নাইকিয়া কৰিবলৈ কি কৰিব-

১- সদায় ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিব যাতে তেল উৎপাদন কমি যায়। হাইড্ৰেটিং ফেচ ৱাছ আৰু মেকআপ ৰিমুভাৰ বাছি ল’ব যাতে ছালখন ভিতৰৰ পৰা পৰিষ্কাৰ কৰিব পৰা যায়।আনহাতে ছালখন সুস্থ কৰি তুলিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
২- ৰ’দত ওলাই যোৱাৰ আগতে সদায় ছালখন ঢাকি ৰাখিব লাগে, কাৰণ ৰ’দত ওলাই গ’লে ছালৰ বহু ক্ষতি হয়, যাৰ ফলত ছালত কলাজেনৰ অভাৱ হ’ব পাৰে।
৩- মুখত বেছিকৈ মেকআপ লগাব নালাগে। ইয়াৰ দ্বাৰাও আপোনাৰ মুখৰ ছিদ্ৰবোৰ ডাঙৰ হ’ব পাৰে। যেতিয়াই মেক-আপ কৰে তাৰপিছতে ভালদৰে মেকআপ সমূহ আঁতৰাই পেলাব লাগে।
৪- দিনটোত কমেও দুবাৰকৈ মুখখন ভালদৰে ধুব লাগে। ইয়াৰ দ্বাৰা ছালত জমা হোৱা মলি আঁতৰিব।

৫- ছালখন সুস্থ কৰি ৰাখিবলৈ খাদ্যত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে।

Leave A Reply