ঈশান উদয় স্ক’লাৰশ্বিপ কেলেংকাৰিৰে জড়িত দুজন আৰক্ষীৰ জালত

ঈশান উদয় স্ক’লাৰশ্বিপ আৰু কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ৰাজ্যত গঢ় লৈ উঠিছে বৃহৎ জালিয়াতি চক্ৰ ৷

বৰপেটা আৰক্ষীৰ বিশেষ অভিযানত আৰক্ষীৰ জালত পৰিল ঈশান উদয় বৃত্তি আৰু  কেলেংকাৰিৰ সৈতে জড়িত ২ অভিযুক্ত ৷ বৰপেটাত পুনৰ ছাত্ৰৰ স্ক’লাৰশ্বিপৰ নামত ভয়াৱহ কেলেংকাৰি ৷

এটা দুষ্ট চক্ৰই ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে কোটি কোটি টকা ৷ ধৃত দুই অভিযুক্তৰ নাম জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান ৷
ধৃত দুই অভিযুক্তৰ ঘৰ বৰপেটাৰ জাহোৰপাম গাঁৱত ৷

বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ছাত্ৰৰ স্কলাৰশ্বিপৰ ধন জালিয়াতিৰে উলিয়াই নিয়া দুই অভিযুক্তক ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই এখন সংবাদমেলযোগে এই কথা সদৰী কৰে সাংবাদিকক ৷

উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলক বছৰেকত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ স্ক’লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ–ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধাভিত্তিক স্কলাৰশ্বিপ ৷

এই দুষ্ট চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ’টিপি ব্যৱহাৰ কৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী জাল কৰি ভুৱা ছাত্ৰ–ছাত্ৰীৰ নামত সংঘটিত কৰি আহিছে ভয়াবহ কেলেংকাৰি ৷ উল্লেখ্য যে, ধৃত দুই অভিযুক্তই ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, জনপ্ৰিয় কলেজ, বাণিয়াৰাপাৰা, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে ঈশান উদয় স্কলাৰশ্বিপৰ কোটি কোটি টকা ৷

আনহাতে বাংগালুৰুৰৰ নাথগিৰি কলেজ, কৰ্ণাটকৰ মাদানি কলেজ, ইনষ্টিটিউট অৱ নাৰ্ছিং ছায়েঞ্চ অৱ কৰ্ণাটকত অধ্যয়ন কৰা দেখুৱাই মেধা জলপানিৰ ধনো উলিয়াই নিছে চক্ৰটোৱে ৷ বিগত  কেইবাবছৰ ধৰি ৰাজ্যখনত শিপাই পৰা চক্ৰটোক উৎখাত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈ আহিছে ৷

Related Articles