ISL 2024-25: দহজনৰে খেলা কেৰালাৰ বিৰুদ্ধে গল কৰাত বিফল নৰ্থ ইষ্ট ইউনাইটেড, ক্ৰমাগত চতুৰ্থ মেচ ড্ৰ খেলি আশাহত কৰিলে সমৰ্থকক

দহজনৰে মেচৰ ৬০ মিনিট সময় খেলাৰ পাছতো কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে গল কৰাত বিফল হ’ল নৰ্থ ইষ্ট ইউনাইটেড এফ চি৷ চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ [আই এছ এল] ৰ শনিবাৰে কোচিৰ জৱাহৰলাল নেহৰু(ISL 2024-25) ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দল কেৰালা ব্লাষ্টাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেডে গলশূন্য ড্ৰ খেলি পইণ্ট ভগাই লয়৷

উল্লেখ্য যে এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ ক্ৰমাগত চতুৰ্থ ড্ৰ মেচ৷ ইয়াৰ পূৰ্বে গুৱাহাটীত তিনিখন মেচ ড্ৰ খেলি কোচিলৈ যোৱা নৰ্থ ইষ্ট ইউনাইটেডে ক্ৰমাগত ষষ্ঠ মেচত নিজৰ অপৰাজেয় ধাৰা অব্যাহত ৰাখিলেও যোৱা চাৰিখন মেচত দলে আঠ পইণ্ট হেৰুৱাটো স্বাভাৱিকতে নকআউটৰ সমীকৰণত আউল লগাব৷

খেলৰ আৰম্ভনিৰ পৰাই আক্ৰমণৰ ৰণনীতি লোৱা উভয় দলে খেলপথাৰত উত্তেজনাৰ বশবৰ্তী হৈ বিধিনিষিদ্ধ আচৰণ কৰে৷ যাৰবাবে ৰেফাৰীয়ে প্ৰথমাৰ্ধতে চাৰিখন কাৰ্ড দেখুৱাব লগা হয়৷ ইয়াৰে তিনিখন হালধীয়া কাৰ্ড নৰ্থ ইষ্ট ইউনাইটেডৰ আজাৰাই, নিকছন আৰু মহম্মদ বেমামিৰক দিয়া হয়৷ আনহাতে, মেচৰ ৩০ মিনিটত কেৰালাৰ আইবানভা ডহলিঙক ৰঙা কাৰ্ড দিয়ে ৰেফাৰীয়ে৷

এই ঘটনাৰ পাছতে কেৰালাই ৰণনীতি সলনি কৰি নৰ্থ ইষ্টৰ আক্ৰমণ ৰক্ষা কৰাৰ কঠিন প্ৰত্যাহ্বানত নিজকে সমৰ্পন কৰে৷ দলে এই ৰণনীতিত সফলো হয়৷ দহ জনৰে খেলা বিপক্ষক চাপত পেলাই গল দিবলৈ সক্ষম নহ’ল লীগত সৰ্বাধিক গল কৰা নৰ্থ ইষ্ট ইউনাইটেডে৷

স্মৰ্তব্য যে উভয় দলৰ এয়া লীগৰ ১৭ সংখ্যক মেচ আছিল৷ ২৫ পইণ্টৰে তালিকাৰ পঞ্চম স্থানত থকিল নৰ্থ ইষ্ট ইউনাইটেড৷ ইফালে, ২১ পইণ্টৰে তালিকাৰ নৱম স্থানত থাকিল কেৰালা ব্লাষ্টাৰ্ছ৷ দলে যোৱা দুখন মেচত জয়লাভ কৰি আজি আত্মবিশ্বাসৰে সমৰ্থকৰ সন্মুখত খেলিছিল৷ কিন্তু তিনি পইণ্টৰ লক্ষ্য পূৰ্ণ কৰিব নোৱাৰিলে৷

নৰ্থ ইষ্ট ইউনাইটেডে লীগৰ পৰবৰ্তী মেচখন পুনৰ ঘৰত খেলিব৷ অহা ২৯ জানুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত দলে হায়দৰাবাদ এফ চিৰ মুখামুখি হ’ব৷ উল্লেখ্য যে ইয়াৰপূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডে হায়দৰাবাদক ঘৰতে ৫-২ গলত পৰাস্ত কৰিছিল৷

ইফালে, কেৰালা ব্লাষ্টাৰ্ছে পৰবৰ্তী মেচ খেলিবলৈ কলকাতালৈ যাব৷ অহা ২৪ জানুৱাৰীত যুৱভাৰতী ক্ৰীড়াংগনত কেৰালাই ঘৰুৱা দল ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব৷

Related Articles