Ismail Hussain: বিপদে লগ এৰা নাই সাহিত্যিক ইছমাইল হুছেইনক!

সাহিত্যিক ইছমাইল হুছেইনক বিপদে লগ এৰা নাই!(Ismail Hussain)মঙলদৈৰ এগৰাকী শিক্ষয়ত্ৰীক ছ’চিয়েল মিডিয়া যোগে অশ্লীল মন্তব্য কৰি জেইল যাত্ৰাৰ পিছত এতিয়া আকৌ সংগঠনৰ ৰোষত পৰিছে ইছমাইল হুছেইন।


দেওবাৰে দৰঙৰ বিশ্ব হিন্দু পৰিষদে দৰং জিলা সাহিত্য সভাৰ কাৰ্যালয় লৈ গৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
অসম সাহিত্য সভাৰ সকলো কাৰ্যসূচীৰ পৰা, কিতাপ প্ৰকাশৰ পৰা ইছমাইল হুছেইনক বিৰত ৰাখিবলৈ দাবী কৰে, ইছমাইল হুছেইনে যাতে অসম সাহিত্য সভাৰ প্লেট ফৰ্ম খন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল’বলৈও দাবী কৰে বিশ্ব হিন্দু পৰিষদে।


দৰঙ জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকে এই বিষয়ে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে। পৰৱৰ্তী সময়ত অসম সাহিত্য সভাই ইছলাম হুছেইনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

Related Articles