গাজাত ইজৰাইলৰ নতুন আক্ৰমণ। এটা শৰণাৰ্থী শিবিৰৰ সন্মুখৰ এটা ঘৰত এটা বোমা বিস্ফোৰণ কৰে ইজৰাইলে। কমেও ৩০ জন লোকৰ মৃত্যু হৈছে। ঘৰটো ধ্বংসৰ লগতে ইস্ৰায়েলৰ নতুন আক্ৰমণত ওচৰৰ কেইবাটাও ঘৰ ধ্বংস হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে, ‘যোৱা ২৪ ঘণ্টাত ২৬৬ জন সাধাৰণ লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ ভিতৰত বহুতো শিশু আছে, যাৰ মৃতদেহ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ কৰা হৈছে’।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত গাজাত মৃত্যুৰ সংখ্যা হৈছে ১১৭ জন। সোমবাৰে ৰাতিপুৱা ফিলিস্তিনি সংবাদ মাধ্যমৰ খবৰ অনুসৰি গাজাৰ জাবালিয়া শৰণাৰ্থী শিবিৰৰ সন্মুখত আল-চুহাদা অঞ্চলৰ এটা ঘৰত ইজৰাইলী বোমা পৰে। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৩০।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে ৭ অক্টোবৰৰ পৰা গাজাত ৪,৬০০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, হামাছৰ আক্ৰমণত ইজৰাইলত ১,০০০ ৰো অধিক লোক নিহত হৈছে।

