Breaking

গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে নিক্ষেপ কৰিছে নিষিদ্ধ বগা ফছফৰাছ বোমা ! কি এই বোমা?

0 124

হামাছক পুলিয়ে-পোখাই উভালিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে ইজৰাইল। যুদ্ধভূমি ইজৰাইলত এতিয়া মৃত্যুৰ মিছিল। হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত ইজৰাইলত আৰম্ভ হোৱা ৰক্তপাত বন্ধ হোৱা নাই। ইজৰাইলৰ সমান্তৰালভাবে পেলেষ্টাইনীসকলেও সমানে অব্যাহত ৰাখিছে আক্ৰমণ । ইপিনে গাজাৰ ঘন বসতিপূৰ্ণ অঞ্চলত নিষিদ্ধ বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উঠিছে। আক্ৰমণৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।উল্লেখ্য বগা ফছফৰাছ হৈছে এক অতি বিষাক্ত পদাৰ্থ। ই ফছফৰাছৰ এক আইচ’টোপ। যি দেখাত মমৰ দৰে। অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে।

ফুটাৰ লগে লগে ই উজ্জ্বল বগা ধোঁৱাৰ কুণ্ডলী এটা সৃষ্টি কৰে।ই যেতিয়াই অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়াই বিধ্বংসী জুইৰ সৃষ্টি কৰে। এই বোমাৰ পৰা নিৰ্গত পদাৰ্থ কেৱল ছালৰ জড়িয়তেই নহয়, উশাহ-নিশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু মৃত্যু ঘটাব পাৰে। কোৱা হয় যে ১৮০০ চনত আইৰিছ সেনাই ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা ব্যৱহাৰ কৰিছিল। ব্ৰিটিছ সেনাই পৰৱৰ্তী দুয়োখন বিশ্বযুদ্ধত এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীয়েও ইৰাণৰ বিৰুদ্ধে বগা ফছফৰাছ বোমা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।অৱশ্যে ইজৰাইলৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া হোৱা নাই।

Leave A Reply