আন্তঃৰাষ্ট্ৰীয় সমালোচনাৰ সন্মুখত ইজৰাইল (Israel Gaza War) সেনাই গাজাত ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰে। কেইবাটাও অঞ্চলক ‘নিৰাপদ’ বুলি চিহ্নিত কৰা হয়। প্রতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ সেই অঞ্চলসমূহত কোনোধৰণৰ আক্রমণ নহ’ব বুলি কোৱা হৈছিল৷ কিন্তু ইজৰাইলৰ গুলীবৰ্ষণ বন্ধ নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি গাজাত যুদ্ধবিৰতি ঘোষণা হোৱাৰ পিছতো ইজৰাইলৰ আক্ৰমণত আৰু কমেও ৬৩ জন লোকৰ মৃত্যু হৈছে। খাদ্যৰ অভাৱতো মৃত্যু হোৱা লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।
দেওবাৰে ইজৰাইল সেনাই ঘোষণা কৰে যে আল-মাৱাছি, ডেইৰ এল-বালাহ, গাজা চহৰকে ধৰি মধ্য আৰু উত্তৰ গাজাৰ কেইবাটাও অঞ্চলত দৈনিক ১০ ঘণ্টাৰ বাবে সামৰিক অভিযান স্থগিত ৰখা হ’ব। লগতে প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা নিশা ১১ বজালৈ কিছুমান বিশেষ পথ মুকলি কৰি দিয়া হ’ব যাতে খাদ্য সামগ্ৰীৰ যোৱা ক্ষেত্ৰত সহায় হয়। কিন্তু এই ঘোষণাৰ পিছতো দেওবাৰে পুনৰ গাজা চহৰত বিমান আক্ৰমণ সংঘটিত হয়। বহু লোক নিহত হোৱাৰ লগতে বহু আহত হয়।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি বিগত ২৪ ঘণ্টাত অনাহাৰ আৰু অপুষ্টিকৰ ফলত ছজন লোকৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত আছে দুটা শিশু, ইয়াৰে এজনৰ বয়স মাত্ৰ পাঁচ মাহ। ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত খাদ্য অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৩ লৈ বৃদ্ধি পাইছে। পুষ্টিহীনতাৰ বাবে বহুতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ যে চিকিৎসকেও খাব পৰা নাই।

