Israel Hamas: ১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত, আজি মুকলি হ’ব ৩ জন ইজৰাইলী পণবন্দী!

আজিৰে পৰা ইজৰাইল-হামাছৰ মাজত আৰম্ভ যুদ্ধবিৰতি৷ (Israel Hamas)১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত পৰিল, আজি মুকলি হ’ব ৩ জন ইজৰাইলী পণবন্দী।

আজিৰ পৰা গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ১৫ মাহজোৰা যুদ্ধৰ অন্ত পৰিব। ১৯ জানুৱাৰী দেওবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি। প্ৰথম দিনাই হামাছে ৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত মুক্তি পাব।

প্ৰকাশ পাবলগীয়া পণবন্দীসকলৰ নাম এতিয়াও প্ৰকাশ কৰা নাই হামাছে। এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে যদি নাম প্ৰকাশ নহয় তেন্তে যুদ্ধবিৰতি আগবাঢ়িব নোৱাৰিব। প্ৰয়োজন হ’লে পুনৰ যুদ্ধ আৰম্ভ কৰাৰ কথাও কয় নেতানিয়াহুৱে।

ইজৰাইলৰ কেবিনেটে শনিবাৰে হামাছৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায়। এই কথা নিশ্চিত কৰি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে।

তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব যুদ্ধবিৰতি-

এই চুক্তি ৩টা পৰ্যায়ত সম্পূৰ্ণ হ’ব। প্ৰথম পৰ্যায়ত হামাছে ইজৰাইলৰ পৰা অপহৰণ কৰা ৩৩ জন পণবন্দীক মুকলি কৰি দিব। লগতে গাজা সীমান্তৰ পৰা ৭০০ মিটাৰ দূৰত্বত উভতি আহিব ইজৰাইলৰ সেনাই। ইজৰাইলৰ ন্যায় মন্ত্ৰালয়েও প্ৰথম পৰ্যায়ত মুকলি হ’বলগীয়া ৯৫জন পেলেষ্টাইনী কয়দীৰ তালিকা প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে ৬৯ গৰাকী মহিলা, ১৬ গৰাকী পুৰুষ আৰু ১০ গৰাকী নাবালক।

ইজৰাইলে ৭০০ৰো অধিক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। তেওঁলোকৰ নামৰ তালিকাও প্ৰকাশ কৰা হৈছে। এই তালিকাৰ বহু লোকে হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে, য’ত হামাছ আৰু পেলেষ্টাইনী ইছলামিক জেহাদৰ সদস্যও আছে।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি ১২০০ জন লোকক হত্যা কৰিছিল আৰু ২৫১ জনক পণবন্দী কৰিছিল। তাৰ কিছু ঘণ্টাৰ পাছত ইজৰাইল সেনাই গাজাত আক্ৰমণ কৰে।

১৫ জানুৱাৰীত এই চুক্তি তিনি পৰ্যায়ত অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হ’ব বুলি কয়। ইয়াত ৪২ দিনৰ বাবে পণবন্দীক বিনিময় কৰা হ’ব।

প্ৰথম পৰ্যায়:

১৯ জানুৱাৰীৰ পৰা ১ মাৰ্চলৈ গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি থাকিব। হামাছে ৩৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। ইজৰাইলে প্ৰতিদিনে নিজৰ এজন পণবন্দীৰ বিনিময়ত ৩৩ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। প্ৰতিগৰাকী ইজৰাইলী মহিলা সৈনিকৰ বিপৰীতে ৫০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়া হ’ব।


দ্বিতীয় পৰ্যায়:

যদি প্ৰথম পৰ্যায়ৰ ১৬ তাৰিখ অৰ্থাৎ ৩ ফেব্ৰুৱাৰীলৈকে সকলো ঠিকে থাকে, তেন্তে দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা সম্পৰ্কে আলোচনা আৰম্ভ হ’ব। এই সময়ছোৱাত কোনো ধৰণৰ আক্ৰমণ কৰা নহ’ব। বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব। ইজৰাইলে ১০০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব, ইয়াৰে প্ৰায় ১৯০ জন কয়দী ১৫ বছৰতকৈ অধিক সময় ধৰি কাৰাদণ্ড ভুগি আছে।


তৃতীয় পৰ্যায়:

এই চুক্তিৰ অন্তিম পৰ্যায়ত গাজা পুনৰ সংস্থাপন কৰা হ’ব। ইয়াৰ বাবে ৩ৰ পৰা ৫ বছৰ সময় লাগিব। হামাছৰ বন্দী অৱস্থাত নিহত হোৱা পণবন্দীসকলৰ মৃতদেহও ইজৰাইলক গতাই দিয়া হ’ব। ২০২৪ চনৰ মে’ মাহৰ পৰাই পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে গাজাত যুদ্ধবিৰতি চুক্তিৰ সন্দৰ্ভত আলোচনা চলি আছিল। গোটেই বছৰটো এই সন্দৰ্ভত দেশত প্ৰতিবাদো চলি আছিল। যুদ্ধবিৰতিৰ বিৰোধিতা কৰা নেতানিয়াহুৰ দলৰ ২ জন মন্ত্ৰীয়ে যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোট দিয়া ৮ জন মন্ত্ৰীৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ লিকুড মন্ত্ৰী ডেভিদ আমছালেম আৰু আমিচাই চিক্লি। ইয়াৰ উপৰিও চৰকাৰত অন্তৰ্ভুক্ত অট্জমা য়েহুদিত দলৰ ৬ জন মন্ত্ৰীয়েও যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোটদান কৰে।

Related Articles