Israel-Iran Attacks । মধ্যপ্ৰাচ্যত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা তীব্ৰ সামৰিক সংঘাতৰ মাজতেই আজি পুৱা এক বিস্ফোৰক মন্তব্য আগবঢ়ায় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নিজৰ সামাজিক মাধ্যম হেণ্ডেলযোগে ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণ আৰু ইজৰাইল যুদ্ধবিৰতিত সন্মত হৈছে। কিন্তু ট্ৰাম্পৰ এই ঘোষণাক অসাৰ বুলি ঘোষণা কৰে ইৰাণে।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে স্পষ্টভাৱে জাননী দিয়ে যে যুদ্ধবিৰতিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক চুক্তি নহয়। তেওঁ উল্লেখ কৰে, “যদি ইজৰাইলে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত বিমান আক্ৰমণ বন্ধ নকৰে, তেহৰানে আক্ৰমণ বন্ধ নকৰে। আপাতত কোনো যুদ্ধবিৰতিৰ সিদ্ধান্ত নহয়।”
তেহৰানৰ সময় অনুসৰি পুৱা ৪:১৬ বজাত, এক্স (পূৰ্বৰ টুইটাৰ) যোগে আব্বাছ অৰাগচিয়ে এই বাৰ্তা প্ৰকাশ কৰে। তেওঁ কয় – “আমাৰ জনসাধাৰণৰ ওপৰত হোৱা অবৈধ আগ্ৰাসনৰ প্ৰতি ইজৰাইলে স্থগিত ঘোষণা নকৰা পৰ্যন্ত ইৰাণে নিজৰ সামৰিক প্ৰতিক্ৰিয়া ৰোধ নকৰে।”
উল্লেখযোগ্য যে, এই সংঘাতৰ আৰম্ভণিতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কাটাৰসহ মধ্যপ্ৰাচ্যৰ চাৰিখন দেশত অৱস্থিত মাৰ্কিন সামৰিক ঘাটিত প্ৰত্যাঘাত চলায়।
এই পৰিস্থিতিৰ পিছতেই ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে, যদিও ইৰাণে স্পষ্টকৈ বুজাই দিয়ে যে যুদ্ধবিৰতিত সন্মতি দিয়া হোৱা নাই আৰু চূড়ান্ত সিদ্ধান্ত পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি লোৱা হ’ব।
ইজৰাইলৰ চৰকাৰ এই দাবী সন্দর্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই।
মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কেতিয়াবা নৰম কেতিয়াবা গৰম হৈ থকা সময়ত, ইৰাণৰ এই দৃঢ়ভাৱে আগবঢ়োৱা প্ৰতিক্ৰিয়াই যুদ্ধৰ পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিছে।