ISRAEL IRAN CONFLICT । ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘৰ্ষে মধ্যপ্ৰাচ্যৰ সম্প্ৰতি ভূ-রাজনৈতিক পৰিস্থিতিক চরম জটিলতাৰ দিশে লৈ গৈছে। এই পৰিপ্ৰেক্ষিতত ইৰাকৰ ইৰাণ-সমৰ্থিত বিদ্ৰোহী সংগঠন ‘কাতাইব হিজবুল্লাহ’-এ আমেৰিকাৰ বিৰুদ্ধে এক তীব্ৰ আৰু স্পষ্ট ভাবুকি জাৰি কৰিছে।

সংগঠনটোৰ নিৰাপত্তা নেতা আবু আল-আস্কাৰীয়ে ঘোষণা কৰে —
“যদি আমেৰিকাই ইজৰাইল-ইৰাণ যুদ্ধত অংশগ্ৰহণ কৰে, তেনেহ’লে সমগ্ৰ পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক ঘাটিসমূহ লক্ষ্য কৰি বিধ্বংসী আক্ৰমণ চলোৱা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ট্ৰিলিয়ন ডলাৰৰ ‘লুণ্ঠন সপোন’ ধূলিত মিলাই দিয়া হ’ব।”
আল-আস্কাৰীয়ে বিশেষকৈ হুঁচিয়াৰ কৰে যে,
- হৰমুজ ষ্ট্ৰেইট,
- বাব-এল-মাণ্ডেব জলপথ,
- লোহিত সাগৰৰ কাষৰ তেল বন্দৰসমূহত কার্যকলাপ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ’ব।
- লগতে আমেৰিকান বিমানৰ ওপৰতো “অপ্ৰত্যাশিত চমক” ৰখা হ’ব বুলি ইংগিত দিয়ে।
আমেৰিকাৰ ২৭ টা ঘাটি সংকটৰ মুখামুখি?
চিএনএনৰ তথ্য অনুসৰি, বৰ্তমান মধ্যপ্ৰাচ্যত আমেৰিকাৰ ২৭ খনতকৈও অধিক সামৰিক ঘাটি আছে, যাৰ ভিতৰত ১২ খন ১৫ বছৰতকৈও অধিক সময় ধৰি সক্ৰিয়।
তথ্য অনুসৰি, ২০২৪ চনৰ জানুৱাৰী মাহত কাতাইব হিজবুল্লাহ-এ ছিৰিয়া-জৰ্ডান সীমান্তৰ ওচৰত থকা আমেৰিকাৰ সৰু আউটপোষ্ট “টাৱাৰ ২২”ত ড্ৰোন আক্ৰমণ চলাইছিল, য’ত ৩ জন আমেৰিকান সেনা নিহত আৰু ৩০ জনৰো অধিক আহত হৈছিল বুলি সন্দেহ কৰা হৈছে।
ট্ৰাম্পৰ প্রতিক্ৰিয়া: সামৰিক পদক্ষেপৰ পূৰ্বে কূটনৈতিক সময়সীমা
এই বিপদজনক পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়াও আগবাঢ়ি আহিছে।
হোৱাইট হাউচৰ মুখপাত্ৰ কেৰ’লিন লিভিটে এক বিবৃতিত ট্ৰাম্পৰ বক্তব্য উদ্ধৃত কৰি কয় —
“আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আহিছে। আমি ইৰাণৰ সৈতে আলোচনাৰ সম্ভাৱনা অস্বীকাৰ নকৰোঁ। এই আলোচনাৰ দ্বাৰ বন্ধ হ’ব বা খোল খাই থাকিব, সেইটো অহা দু সপ্তাহৰ ভিতৰত আমি নিৰ্ধাৰণ কৰিম।”