Breaking

ইজৰাইল পেলেষ্টাইন যুদ্ধ অব্যাহত, হামাচৰ ওপৰত আক্ৰমণ ইজৰাইলৰ…

0 133

ইজৰাইল পেলেষ্টাইন যুদ্ধঃ ইজৰাইল-পেলেষ্টাইনত যুদ্ধ অব্যাহত আছে? ইজৰাইল আৰু হামাছৰ যুদ্ধ অব্য়াহত আছে। প্ৰায় সকলো দেশেই দুয়োপক্ষক সংযম কৰিবলৈ আহ্বান জনাইছে। এই পৰ্যন্ত এই আক্ৰমণত কমেও ৩০০ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ কৰাৰ পিছত পেলেষ্টাইন-ইজৰাইল অঞ্চলত নতুনকৈ হিংসাত্মক জুই জ্বলাবলৈ আৰম্ভ কৰিছে। পৰিসংখ্যা অনুসৰি ইজৰাইলত এতিয়ালৈকে কমেও ৩০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৫৯০ জন লোক আহত হৈছে। একে সময়তে হামাছে দখল কৰা গাজা ষ্ট্ৰিপ অঞ্চলত ২৩২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭৯০ জন লোক আহত হৈছে। শনিবাৰে যেতিয়া ইজৰাইল আৰু হামাছৰ মাজত সংঘাত আৰম্ভ হৈছিল, তেতিয়া বহু দেশৰ মুৰব্বীয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও মুছলমান দেশৰ বক্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হিংসাত্মক উত্তেজনা বন্ধ কৰিবলৈ সংযুক্ত আৰব আমিৰশ্বাহীৰ বৈদেশিক মন্ত্ৰালয়ে আবেদন জনাইছে। ইজৰাইল পেলেষ্টাইনক লৈও পাকিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইজৰাইল-পেলেষ্টাইনত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে পাকিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী আনোৱাৰুল হক কাকাৰে। তেওঁ ‘পেলেষ্টাইনৰ প্ৰশ্ন’ৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। আৰব লীগৰ মুৰব্বী আহমেদ আবুল গেইটে গাজাত সামৰিক অভিযান শীঘ্ৰে বন্ধ কৰাৰ আহ্বান জনায়।

Leave A Reply