Breaking

ইজৰাইল-পেলেষ্টাইন যুদ্ধঃ হামাছ কি? ইয়াৰ নেতা ইছমাইল হানিয়াৰ কোন?

0 103

শনিবাৰে পুৱা পেলেষ্টাইনৰ উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইলৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলত এক বিধ্বংসী সন্ত্ৰাসবাদী আক্ৰমণ চলাইছে, যাৰ ফলত ৪০০ ৰো অধিক লোকৰ শোকাৱহ মৃত্যু হৈছে, মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইজৰাইলৰ ওপৰত হোৱা এই অপ্ৰত্যাশিত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বহুতৰ মনত অজস্ৰ প্ৰশ্ন উত্থাপিত হৈছে: হামাছ প্ৰকৃততে কি? এই গোটটোৰ নেতৃত্ব কোনে দিয়ে? আৰু হামাছে ইজৰাইলৰ ওপৰত এই আক্ৰমণ কিয় আৰম্ভ কৰিছিল? হামাছক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়া হৈছে। ইছমাইল আব্দুলছালাম আহমেদ হানিয়াক খালেদ মেছালৰ পিছত ৬ মে, ২০১৭ তাৰিখে হামাছৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। ১৯৪৮ চনত ইজৰাইল সৃষ্টি হোৱাৰ পিছত আস্কালানৰ পৰা পলায়ন কৰা পিতৃ-মাতৃৰ ঘৰত গাজাৰ শৰণাৰ্থী শিবিৰত হানিয়াৰ জন্ম হৈছিল। তেওঁ গাজাৰ আল-আজহাৰ ইনষ্টিটিউটত শিক্ষা লাভ কৰিছিল আৰু গাজাৰ ইছলামিক বিশ্ববিদ্যালয়ৰ পৰা আৰবী সাহিত্যত ডিগ্ৰী অৰ্জন কৰিছিল। ১৯৮৩ চনত বিশ্ববিদ্যালয়ৰ সময়ছোৱাত হানিয়াই হামাছৰ পূৰ্বসূৰী ইছলামিক ষ্টুডেণ্ট ব্লকত যোগদান কৰে।

১৯৮৭ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগে লগে প্ৰথম ইন্তিফাদা আৰম্ভ হয় আৰু হামাছ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা হয়।২০২১ চনতো পেলেষ্টাইন সমৰ্থক হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ হৈছিল আৰু এই যুদ্ধ প্ৰায় ১০দিন ধৰি চলিছিল। বৰ্তমানৰ আক্ৰমণৰ বাবে ইজৰাইলত মৃত্যুৰ সংখ্যা ৩০০ অতিক্ৰম কৰাৰ বিপৰীতে ১,৫৯০জন লোক আহত হৈছে। গাজা ষ্ট্ৰিপতো ২৩২জন লোকৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ প্ৰায় ১,৮০০ লোক আহত হৈছে বুলি অনুমান কৰা হৈছে। বিংশ শতিকাৰ আৰম্ভণিতে ইউৰোপত বৃহৎসংখ্যক ইহুদী লোকৰ বসবাস আছিল। কিন্তু তেওঁলোকৰ বিৰুদ্ধে অহৰহ বৈষম্যমূলক আচৰণ চলি আহিছিল, যাৰ বাবে তেওঁলোকে ইউৰোপ এৰি পেলেষ্টাইনলৈ যাবলৈ বাধ্য হৈছিল। সেই সময়তে পেলেষ্টাইন অট্টোমান সাম্ৰাজ্যৰ অধীনলৈ আহিছিল।

ইয়াৰ আগতে পেলেষ্টাইনত আৰবসকলে বাস কৰিছিল। ইয়াৰ বাহিৰেও পেলেষ্টাইন ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ স্থান আছিল, কাৰণ ইয়াৰ জেৰুজালেম চহৰখন মুছলমান, ইহুদী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে অতি পৱিত্ৰ স্থান আছিল।

Leave A Reply