Israel Strikes Iran’s State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ

এংকৰে নিউজ পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আঘাত। নিউজ পঢ়ি থাকোতে ইৰাণৰ টেলিভিছন ষ্টুডিঅ’ত লক্ষ্য কৰি লয় ইজৰাইলে।(Israel Strikes Iran’s State TV Studio)বাতৰিৰ মাজতে ষ্টুডিঅ’ এৰি আঁতৰি গৈছে এংকৰ। ইজৰাইলৰ দুটাকৈ টেলিভিছন চেনেলক লক্ষ্য কৰাৰ সম্ভাৱনা ইৰানে।

ইৰাণৰ তেহৰাণত থকা চৰকাৰী টেলিভিছনটো লাইভ টেলিকাষ্টৰ সময়ত ইজৰাইলে উৰুৱাই দিয়ে। ইয়াৰ বাবেই চেনেলটোৱে লাইভ টেলিকাষ্ট বন্ধ কৰিবলগীয়া হৈছিল। এই ঘটনাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টোত লাইভ টেলিকাষ্টৰ সময়ত বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ বাবেই চেনেলটোৰ ষ্টুডিঅ’টো ধূলি আৰু ধোঁৱাৰে ভৰি পৰিছিল, যাৰ বাবে টিভিৰ এংকৰকে ধৰি বাকী লোক সকলে লগে লগে কেমেৰা এৰি ওলাই আহিবলগীয়া হৈছিল ষ্টুডিঅ’ পৰা। সেই সময়ত তাত উপস্থিত ৰাইজে আল্লাহ-হু-আকবৰৰ শ্লোগান চিঞৰ-বাখৰ কৰা শুনা যায়।

ইজৰাইলে আক্ৰমণৰ পূৰ্বে ইৰাণৰ ৰাজধানী তেহৰাণৰ সেই অঞ্চল খালী কৰাৰ সকীয়াই দিছিল। এই টিভি ষ্টুডিঅ’টোও সেই অঞ্চলতে অৱস্থিত। সোমবাৰে পুৱা ইৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইজৰাইলক আক্ৰমণ কৰি বহু ক্ষতিসাধন কৰে। ইৰাণৰ আক্ৰমণৰ বাবে সমগ্ৰ ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন শুনা গ’ল। ইৰাণৰ আক্ৰমণত জৰুৰীকালীন সেৱাই কমেও ৮ জন ইজৰাইলী সাধাৰণ নাগৰিক নিহত আৰু বহু লোক আহত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

Related Articles