Breaking

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ৰাছিয়াৰ বিমানবন্দৰত ইজৰাইলৰ বিমান আক্ৰমণ…

0 60

ৰাছিয়াৰ দাগেস্তান বিমানবন্দৰত মাজনিশা এক বৃহৎ কাণ্ড সংঘটিত। এয়া কোনো বিমান দুৰ্ঘটনাৰ নহয়। ইজৰাইলৰ পৰা এখন বিমান অৱতৰণ হোৱাৰ খবৰ বিয়পি পৰিল ৰাছিয়াত। ইয়াৰ পিছতে আল্লাহ হু আকবৰৰ শ্লোগান দি বিমানবন্দৰত আক্ৰমণ কৰে একাংশই। আল্লাহ হু আকবৰৰ শ্লোগানেৰে ইহুদীসকলক আক্ৰমণ কৰিব বিচাৰিছিল। কম সময়ৰ ভিতৰতে পেৰা মিলিটাৰী আহি উপস্তিত হয় ঘটনাস্থলীত। শেহতীয়া তথ্য অনুসৰি কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই। ৰাছিয়াই দাগেস্তানৰ এই মূল বিমানবন্দৰটো বন্ধ কৰি দিছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’বোৰ ভয়ংকৰ। প্ৰতিটো বাধা অতিক্ৰম কৰি বিমানবন্দৰত আগবাঢ়িছে তেওঁলোক। কিছুমানে হাতত লৈ আছে পেলেষ্টাইনৰ পতাকা। বিমানৰ পৰা নামি অহা যাত্ৰীসকলে ভয় খাইছিল। পিছুৱাই যাবলৈ কৈছিল নিৰাপত্তাৰক্ষীয়ে।


Leave A Reply