প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে গুৱাহাটীত পদাৰ্পণ কৰিব ইছৰোৰ অধ্যক্ষ ড° সোমনাথ

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানীদলৰ প্ৰমুখ বিজ্ঞানী তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ড° শ্ৰীধৰ পানিকাৰ সোমনাথ ৷ কাইলৈ (১৭ জানুৱাৰীত) প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আয়োজন কৰা সম্বৰ্ধনা আৰু  ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত -বিনিময় অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

নতুনকৈ স্থাপন কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ ৰ সফলতাৰ বিজয় উৎসৱ তথা শেহতীয়াকৈ ইছৰোৰ দ্বাৰা আদিত্য এল-১ ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি ইছৰোৰ অধ্যক্ষ তথা বিজ্ঞানী ড° শ্ৰীধৰ পানিকাৰ সোমনাথক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড°যোগেশ কাকতিয়ে জানিবলৈ দিছে ৷

উল্লেখ্য যে শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ দ্বাৰা স্থাপন কৰা আৰু  ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰে শিক্ষাৰম্ভ কৰা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পি,এই,ডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে ৷

অহা শিক্ষাবৰ্ষৰপৰা মূলকেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংবৰীত স্থায়ীভাৱে শিক্ষাদান আৰম্ভ হ’বলগীয়া বিশ্ববিদ্যালয়খনে সম্প্ৰতি গুৱাহাটীৰ গীতানগৰস্থিত মহানগৰ চৌহদত পাঠদান অব্যাহত ৰাখিছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বুধবাৰে আবেলি তিনি বজাত অনুষ্ঠিত হবলগীয়া সম্বৰ্ধনা সভাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত -বিনিময় অনুষ্ঠানত মূলত উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ বিদ্যাৰ্থীক প্ৰমুখ্য কৰি আয়োজন কৰা অনুষ্ঠানটিত  সকলো শাখাৰ বিদ্যাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

বন্তি প্ৰজ্জ্বলন আৰু শিল্পী দিৱস উপলক্ষে মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে শুভাৰম্ভ হ’বলগীয়া উক্ত অনুষ্ঠানত সকলো ইচ্ছুক ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিক উপস্থিত থাকিবলৈ উদ্যোক্তাসকলৰ হৈ ‘শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাস’ ৰ মিডিয়া আৰ্কিটেক শৈলেন্দ্ৰ পাণ্ডে আৰু প্ৰচাৰ বিভাগৰ লালজী সোণাৰীয়ে অনুৰোধ জনাইছে।

Related Articles