Breaking

ISROয়ে ৰচিলে আন এক ইতিহাস, চন্দ্ৰৰ পিছত সূৰ্য্যক স্পৰ্শ কৰাৰ সপোন হ’ল সফল

0 69

২ ছেপ্টেম্বৰত আৰম্ভ হোৱা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ক শনিবাৰে বিয়লি ৪ বজাত চূড়ান্ত গন্তব্য কক্ষপথ লেগ্ৰেঞ্জ-১ পইণ্টত সফলতাৰে স্থাপন কৰিবলৈ সক্ষম হয়। পৃথিৱী আৰু সূৰ্য্যৰ মহাকৰ্ষণ শক্তিৰ ভাৰসাম্যতা থকা বিন্দুটোৱেই হৈছে লেগ্ৰেঞ্জ-১ বিন্দু। এই বিন্দুটো পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বত, যিটো সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ এক শতাংশহে।

ইছৰোৱে ২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ প্ৰথমটো সৌৰ অভিযান আদিত্য-এল১ উৎক্ষেপণ কৰিছিল। এই অভিযানৰ লক্ষ্য হৈছে পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু (L1)ৰ চাৰিওফালে থকা কক্ষপথৰ পৰা সূৰ্য্যক পৰ্যবেক্ষণ কৰা।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে ইছৰোক অভিনন্দন জনায়। তেওঁ লিখিছে, ‘আমাৰ বিজ্ঞানীসকলৰ অক্লান্ত কৃতিত্বৰ আন এক প্ৰমাণ। ভাৰতৰ প্ৰথমটো সৌৰ অভিযান আজি সফলতাৰে গন্তব্যস্থানত উপস্থিত হয়।

এই সুখৰ মুহূৰ্তটো আজি মোৰ দেশবাসীৰ সৈতে ভাগ কৰি লৈছো। বিজ্ঞানৰ এই অগ্ৰগতি আমি ভৱিষ্যতে মানৱতাৰ স্বাৰ্থত আৰু অধিক আগুৱাই লৈ যাম”।

Leave A Reply