Breaking

ISROৰ লক্ষ্য এইবাৰ সূৰ্য; ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য–L1

0 70

চন্দ্ৰ অভিযান সফল হ’ল। এইবাৰ ISROৰ সূৰ্যমুখী যাত্ৰা। সূৰ্যৰ অধ্যয়ন কৰাৰ বাবে ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব আদিত্য–L1। সোমবাৰে এই তথ্য সদৰি কৰে ISROয়ে।

শ্ৰীহৰিকোটাৰ লঞ্চ ভিউ গেলাৰীৰ পৰা ইয়াৰ উৎক্ষেপণ চাব পাৰিব। ইয়াৰ বাবে ৱেবছাইটৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব লাগিব।

ইছৰ’ৱে ছচিয়েল মিডিয়া প্লেটফৰ্ম X (পূৰ্বৰ টুইটাৰ)ত ৱেবছাইটৰ ৰিংক উপলব্ধ। লগতে পঞ্জীয়ন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, চন্দ্ৰযান–৩ মিছনৰ পিছতে ইছৰ’ৱে ঘোষণা কৰিলে সূৰ্য মিছনৰ তাৰিখ।

Leave A Reply