Breaking

অসমবাসীৰ বাবে গৌৰৱৰ বিষয়! গীনিজ বুকত ৰেকৰ্ড গঢ়িলে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে লিখা লেখাই

0 66

অসমবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় – মহান আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি বীৰযোদ্ধাগৰাকীৰ অতুলনীয় জীৱন পৰিক্ৰমা আৰু অদম্য পৰাক্ৰম সন্দৰ্ভত ৪২.৯৪ লাখ লোকে হাতেলিখা টোকাই গীনিজ ৱৰ্ল্ড ৰেক’ৰ্ডছ্ লিমিটেডত “বৃহৎ হাতেলিখা টোকাৰ অনলাইন ফটো এলবাম” হিচাপে ৰেকৰ্ড গঢ়িলে।


যুগজয়ী জাতীয় বীৰগৰাকীক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই ঐতিহাসিক পদক্ষেপে বিশ্বৰ বুকুত অনন্য স্বীকৃতি লাভ কৰিলে। এই গৌৰৱৰ মুহূৰ্তত মুখ্যমন্ত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই।স্বীকৃতিৰ এই যাত্ৰাক সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ৪২.৯৪ লাখ লোকৰ সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী অতুল বৰাই।

Leave A Reply