ৰহাত বিজেপিৰ পিঠিত উঠি মনোনয়ন দাখিল নিশকটীয়া অগপৰ

অসময়ত অগপৰ দূৰ্গ হৈ পৰা ৰহা সমষ্টিত নিশকটীয়া হৈ পৰা অগপক আগন্তুক নিৰ্বাচনৰ বাবে ৰহা  সমষ্টিটো এৰি দিয়াত  মিত্ৰদলৰ সহযোগত নিৰ্বাচনী যুঁজত  নামি পৰিছে যদিও আজিও জটিলতা আঁতৰা নাই । সমষ্টিটোত ২০৭১৬৪ জন ভোটাৰৰ অতি কম শতাংশহে  অগপৰ ভোটাৰ থকাৰ বাবেই আজি অগপৰ প্ৰাৰ্থী বিষ্ণু প্ৰসাদ দাসে সমষ্টিটোৰ বিজেপিৰ নেতা কৰ্মীক লগত লৈ মনোনয়ন দিবলৈ গ’ল যদিও দুয়ো দলৰ নেতা কৰ্মীৰ মাজত আজিও হোৱা নাই আন্তৰিকতা । মনোনয়নৰ সময়ত অগপৰ প্ৰাৰ্থী গৰাকীক  ৰহাৰ বিজেপি বিধায়ক  ডিম্বেশ্বৰ দাস , প্ৰাক্তন ডি আই জি ড. শ্যামল শইকীয়া , ৰহা নগৰ সমিতিৰ প্ৰাক্তন চেয়াৰমেন মনজ্যোতি বৰা  ,জিলা বিজেপিৰ উপসভাপতি সূবৰ্ন সিং আদিয়ে সংগ দিয়ে। পূৰ্বৰ নিৰ্বাচন সমূহত বিজেপি নেতা কৰ্মীৰ তুলনাত অগপৰ নেতা কৰ্মীৰ সংখ্যা অতি কম হোৱাৰ বাবেই সমানে সমানে কাম কৰিব নোপোৱাৰ বাবেই একাংশ অগপৰ নেতা কৰ্মীয়ে বিজেপিৰ বিপৰীতে অন্যদলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰাৰ অভিযোগত দুয়োদলৰ মাজত বৃদ্ধি পাইছিল ব্যৱধান ।অগপৰ নেতা কৰ্মীয়ে সভা পাতি বিজেপিক সন্মান প্ৰদৰ্শন কৰিবলৈও প্ৰস্তাৱ দিবলগীয়া অৱস্হাৰো সৃষ্টি হোৱাত একাংশই দল এৰি অন্য দললৈ গতি কৰিছিল ।কিন্তু বৰ্তমান সময়ত ৰহা সমষ্টিটোত অগপৰ প্ৰাৰ্থীক জিকাবলৈ বিজেপিৰ নেতা কৰ্মীৰ  আন্তৰিকতাৰ একান্ত প্ৰয়োজন যদিও একাংশ অগপৰ নেতাই আজিও বিজেপিক আগস্হান দিবলৈ বিচৰা নাই । ফলত সাধাৰণ ভোটাৰৰ লগতে দলীয় কৰ্মীৰ মাজতো আহুকলীয়া পৰিবেশৰ সৃষ্টি হৈছে ।মিত্ৰ দলৰ মিত্ৰতা মানি নেতৃত্বৰ আহ্বানৰ বাবে  বিজেপিৰ নেতা কৰ্মীয়ে মনোনয়ন দিবলৈ যোৱাৰ বাবেই একাংশ অগপৰ নেতাই অলীক স্বপ্নত বিভোৰ হৈ আছে বুলি একাশং বিজেপি  নেতা -কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছে । অন্যহাতে বিজেপি নেতা-কৰ্মীয়ে মিত্ৰদলৰ ভূমিকা পালন কৰিম বুলি দৃঢ়ভাৱে মত প্ৰকাশ কৰিছে যদিও এতিয়াও ধুসৰ হৈ আছে ৰহা সমষ্টিৰ নিৰ্বাচনী আগলি বতাহ । একাংশ বিজেপি নেতাৰ মতে নেতৃত্বই মিত্ৰদল কৰিলেই প্ৰাৰ্থী নিজিকে; জিকিবলৈ মিত্ৰদলৰ কৰ্মীয়ে দিনে নিশাই কষ্ট কৰিব লাগিব বুলি কয়।অন্যহাতে সমষ্টিটো অগপ দলক এৰি দিয়াত বৰ্তমানেও ক্ষোভিত হৈ আছে বিজেপিৰ বহু দলীয় কৰ্মী। বিজেপিৰ সবল সাংগঠনিক ভেটি থকা সত্বেও বিজেপিৰ দলীয় কৰ্মীক বঞ্চিত কৰি অগপক এৰি দিয়া কাৰ্যক কোনো কাৰণতে মানি ল’ব নুখুজি বিজেপিৰ টিকটৰ প্ৰৱল দাবীদাৰ সঞ্জীৱ হাজৰিকাক নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে সমষ্টিৰ অধিক সংখ্যক বিজেপি কৰ্মী।জানিব পৰামতে ইতিমধ্যে দলীয় কৰ্মী সকলে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি যাৱতীয় নথি-পত্ৰ আদিও সাজু কৰিছে। এই খবৰ লাভ কৰি ইতিমধ্যে নগাঁও জিলা বিজেপিৰ কেইবাজনো বিষয়-ববীয়াই সঞ্জীৱ হাজৰিকাৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। যদিহে সঞ্জীৱ হাজৰিকাই এনে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্ত নিশ্চিত ভাৱে অগপ বিপদত পৰা সম্ভাৱনা অধিক বুলি একাংশ দলীয় কৰ্মীয়ে মন্তব্য কৰিছে।  

Related Articles