Breaking

প্ৰেমৰ বাবেই পাকিস্তানত উপস্থিত চীনৰ এগৰাকী যুৱতী…

0 73


অঞ্জুৰ পিছত এতিয়া প্ৰেমৰ বাবেই পাকিস্তানত উপস্থিত চীনৰ এগৰাকী যুৱতী। স্নেপচ্যাটৰ জৰিয়তে চিনাকী হৈ প্ৰেমত পৰিছিল দুয়ো। যোৱা তিনি বছৰ ধৰি দুয়োজনেই স্নেপচ্যাটৰ জৰিয়তে সংস্পৰ্শত আছিল আৰু এই সময়ছোৱাত তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল। প্ৰেমত পৰাৰ পিছত খাইবাৰ পখতুনখোৱাত উপস্থিত হয় পাকিস্তানী যুৱকক লগ কৰিবলৈ চীনৰ যুৱতীগৰাকী। কেৱল এয়াই নহয় তেওঁলোক দুয়ো আৱদ্ধ হয় বিবাহপাশত। পাকিস্তান আৰক্ষীয়ে বৃহস্পতিবাৰে জনাইছে যে চীনৰ মহিলাগৰাকীয়ে বুধবাৰে চীনৰ পৰা গিলগিট হৈ তিনি মাহৰ ভিছাৰে ইছলামবাগলৈ আহিছিল।

আফগানিস্তানৰ সীমান্তৱৰ্তী বাজাউৰ জনজাতীয় জিলাৰ পৰা অহা ১৮ বছৰীয়া বন্ধু জাভেদে ২১ বছৰীয়া চীনা কিশোৰীগৰাকীক লগ কৰিছিল। বাজাউৰৰ নিৰাপত্তাজনিত পৰিস্থিতিৰ বাবে জাভেদে কিশোৰীগৰাকীক গৃহ চহৰলৈ নিয়াৰ পৰিৱৰ্তে লোয়াৰ ডিৰ জিলাৰ সমৰবাগ তহচিলত সম্পৰ্কীয় ঘৰলৈ লৈ গৈছিল। আৰক্ষীৰ মতে, বিগত তিনি বছৰ ধৰি দুয়োজনে স্নেপচ্যাটৰ জৰিয়তে সম্পৰ্কত আছিল আৰু এই সময়ছোৱাত তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ আগতে ভাৰতৰ এগৰাকী অঞ্জু নামৰ মহিলাইয়েও নিজৰ প্ৰেমৰ স্বাৰ্থত পাকিস্তানত উপস্থিত হৈছিল।


Leave A Reply