Breaking

ৰোগতকৈ ভোকহে হ’বগৈ চ’ৰা।

0 1,176

অংশুমান ভূঞা

বিগত বৰ্ষৰ শেষৰ পিনে চীনদেশত উদ্ভৱ হোৱা কালান্তক কৰ’নাৰ সংহাৰী ৰূপৰ ফলত আজি বিশ্ববাসী থৰহৰি কম্পমান।দিন অতিক্ৰম যিমানেই কৰিছে ইয়ো যেন সিমানেই খুঁ‌টি পুতি বহিছেহি।ফলত এই অচিন শত্ৰুৱেই আজি সমগ্ৰ বিশ্বৰ বাবেই ২০২০চনটো এক অভিশপ্ত বৰ্ষত পৰিগণিত কৰিছে।আমাৰ দেশলৈ ইয়াৰ সংক্ৰমণ হোৱাৰ পাছতো আমাৰ ৰাজ্যখন ভালেমান দিনলৈ আশ্বস্ত হৈ আছিলো।কিন্তু আজি সেই পৰিৱেশ নাই।ৰাজ্যৰ চাৰিওফালে ইয়াৰ সংহাৰী ৰূপ।দিনক দিনে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইহে আছে।স্বাস্থ্য বিভাগ, প্ৰশাসন সকলো যুঁ‌জি যুঁ‌জি ভাগৰি পৰিছে, দিশহাৰা হৈছে। তেওঁলোকৰ অক্লান্ত শ্ৰম আৰু প্ৰচেষ্টাৰ পাছতো ৰাজ্যখনক সুৰক্ষিত ৰাখিব পৰা নাই। এই অদৃশ্য ভাইৰাছটোক প্ৰতিহত কৰাৰ উপায়স্বৰূপেই দেশব্যাপী তলাবন্ধ দিয়া হৈছিল। কোনো ধৰণৰ পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ দিয়া এই তলাবন্ধই মানুহক অবৰ্ণনীয় যন্ত্ৰণা দিলে। জনতাৰ দুৰ্ভোগৰ সীমা-সংখ্যা নোহোৱা হৈ পৰিল।সকলো উদ্যোগ-প্ৰতিষ্ঠান, কাৰ্যালয়, ব্যৱসায় বন্ধ হৈ পৰাত অগণন লোকে কাম হেৰুৱালে। দিন হাজিৰা কৰা লোক, শ্ৰমিক, সৰু-সুৰা ব্যৱসায়ী, বেচৰকাৰী খণ্ডৰ কৰ্মচাৰী, পৰিবহণ কৰ্মী আদি কৰ্মহীন হৈ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হ’ল। খেতি পথাৰতে বহু কষ্টৰে উৎপাদিত ফচল গেলি-পচি গ’ল।বহুজনে হঠাতে এই কালধুমুহাত দিকবিদিক হেৰুৱাই আত্মহত্যাৰ দৰে কৰুণ পন্থাও হাতত ল’লে।ৰাজ্যখনৰ বাহিৰত কৰ্মৰত লোকসকলো কাম হেৰাই নিজ ৰাজ্যলৈ উভতি আহিল।এওঁ‌লোকে যে পৰিস্থিতি স্বাভাৱিক হ’লে আকৌ উভতি যাবলৈ ইচ্ছা কৰিব তাৰ কোনো আশা নাই। কিছুসংখ্যক ঘৰত পৰিয়ালৰ আটাইকেইজন থাকিবলৈয়ে ঠাইৰ অভাৱ হোৱাতো বাহিৰলৈ ওলাই গৈ থকা-খোৱাৰ দিহা কৰাৰ লগতে ঘৰখনকো আৰ্থিক সকাহ দিছিল।এতিয়া কৰ্মহীন হৈ পৰা এই লোকসকল আৰু পৰিয়ালবোৰ চৰম দুৰ্দশাত পৰিছে।এই দুৰ্বিষহ পৰিস্থিতিত তাৎক্ষণিক কৰ্মসংস্থাপন আকাশ কুসুম।প্ৰত্যাৱৰ্তন কৰা এই বৃহৎ সংখ্যক লোকে কি কৰি জীৱন যুঁজত বৰ্তি থাকিব তাকে ভাবি দিশহাৰা হৈ পৰিছে।এনেয়ে নিবনুৱা সমস্যাত ককবকাই থকা ৰাজ্যখনৰ বাবে ই এক চূড়ান্ত প্ৰত্যাহ্বান।দীৰ্ঘদিনীয়া তলাবন্ধই জনসাধাৰণলৈ কঢ়িয়াই অনা অবৰ্ণনীয় দুৰ্দশাৰ বাবেই তলাবন্ধত পৰ্যায়ক্ৰমে শিথিলতা অনা হ’ল যদিও মানুহক দুৰ্দশাই পাছ নেৰিলে।চাৰিওফালে মূল্যবৃদ্ধিৰ জোৱাৰ উঠিল।অতদিনৰ ব্যৱসায়িক লোকচান পূৰোৱাৰ যেন প্ৰতিযোগিতাতহে নামি পৰিল ব্যৱসায়ীসকল।চৰকাৰ নিৰ্ধাৰিত মূল্য ক’ৰবাত পৰি থাকিল, খাদ্য যোগান বিভাগটো যে অস্তিত্বহীন তাক আকৌ এবাৰ প্ৰমাণ কৰিলে।এনেয়ে কৰ্মহীন তাতে আকৌ মূল্যবৃদ্ধি, সাধাৰণ মানুহতো বাদেই এতিয়া আৰ্থিকভাৱে স্বচ্ছল মানুহখিনিৰো লাহে লাহে ক্ৰয় ক্ষমতা কমি আহিছে। নিত্য প্ৰয়োজনীয় বস্তুকেইপদৰ যোগাৰো বিলাসিতা যেন হৈ আহিল। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি আৰু নীতি-নিৰ্দেশনাৰ ভৰত যাতায়ত ব্যৱস্থাও পূৰ্বতকৈ দুগুণ-তিনিগুণ খৰচী হৈ পৰিল।বৰ্তমানলৈ চৰকাৰী কৰ্মচাৰীখিনিয়ে নিয়মিত দৰমহা পাই আহিছে যদিও এই দুৰৱস্থাৰ আশু সমাধান নহ’লে তাৰো মুদা পৰাৰ আশংকা আছে।চৰকাৰে হাজাৰ হাজাৰ কোটি টকাৰ বিভিন্ন চমকপ্ৰদ আঁ‌চনি হাতত লৈছে যদিও সেয়া দুৰ্নীতিপৰায়ণ ৰাজ্যখনত প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ গৈ পোৱাৰ আগতেই অন্তৰ্ধান যে হ’ব খাটাং।তাৰ নমুনা ইতিমধ্যে পোৱা গৈছেই। আটা, দালি, চাউল আদি বিতৰণৰ যোগেদিও বৰ্তমান সাময়িক সকাহহে পাইছে।ইফালে পৰিস্থিতিৰ জটিলতাই উঠাই লোৱা তলাবন্ধ পুনৰাই ঠায়ে ঠায়ে প্ৰয়োগ কৰিবলগীয়া কৰিছে।সেয়ে সাধাৰণ মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছে। কিন্তু তলাবন্ধয়ো কৰ’নাক বশ কৰিব নোৱাৰাত এতিয়া ইয়াৰ ওপৰত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে।বাৰে বাৰে দি থকা তলাবন্ধই মানুহৰ দুৰৱস্থা দিনক দিনে কল্পনা কৰিব নোৱৰা পৰ্যায়লৈ নি আছে। তলাবন্ধ যে শেষ সমাধান নহয় তাক যুকিয়াই চাবলগীয়া হৈছে।তাতে আকৌ ৰাজ্যখনৰ বছৰেকীয়া বানৰ তাণ্ডৱ ৰাজ্যবাসীৰ মূৰৰ ওপৰত চলিয়ে আছে। এইবাৰৰ বানতো ২৮ খন জিলাৰ অগণন লোক ক্ষতিগ্ৰস্ত হৈছে।ঘৰ-দুৱাৰ, বাট-পথ, পশুধন উটুৱাই বিস্তৰ ক্ষতিসাধন কৰিছে। বহুজনৰ কৰুণ মৃত্যুও ঘটিছে।উপায়ন্তৰ হৈ মানুহে-জন্তুৱে একেলগে সহবাস কৰি লঘোণে-ভোকে দিন কটাবলগীয়া হৈছে। চৰকাৰী-বেচৰকাৰী সাহায্যৰ ব্যৱস্থা হৈছে যদিও সেয়া পৰ্যাপ্ত মুঠেও নহয়।বছৰি বানত কৃষিজীৱী জনতাৰ শেষ সম্বল কৃষিভূমি নিঃশেষ হৈ গৈ আছে নাইবা বানৰ তাণ্ডৱত উৰ্বৰা শক্তি হেৰাই কৃষিৰ অনুপযোগী হৈ পৰিছে। কৰ’নাৰ সমান্তৰালকৈ এতিয়া বানপানীজনিত বেমাৰবোৰৰো আগমন ঘটিব।কিন্তু এতিয়া বেমাৰতকৈও ভয়াবহ হৈ আহিছে মানুহৰ পেটৰ ক্ষুধা নিবাৰণহে।বিশ্বত্ৰাসত পৰিণত হ’লেও কৰ’নাত মৃত্যুৰ হাৰ বহু কম।সম্পূৰ্ণ তলাবন্ধৰ সময়তো কৰ’নাৰ পৰিৱৰ্তে ভোকে-পিয়াহে ভালেমান লোকে মৃত্যুক আঁ‌কোৱালি লোৱাৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছিল।এতিয়াও মানুহ নাখাই মৰিব সেয়া মানি ল’ব নোৱাৰি।সততে ডিজিটেল, বিকশিত অসমৰ শ্লোগান আওৰোৱা চৰকাৰখনৰ অন্ততঃ এজনো মানুহ যাতে নাখাই মৰিবলগীয়া নহয়, তাক নিশ্চিত কৰাটো এক নৈতিক দায়িত্ব। আমাৰ ৰাজ্যৰ পৰিহাস যে এফালে কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিকৰ, সুষম আহাৰ গ্ৰহণৰ আহ্বান আৰু আনহাতে এটা চামৰ এসাঁজ ভাতৰ যোগাৰৰ বাবে হাহাকাৰ। লগতে সকলো পক্ষৰে মতামত নোলোৱাকৈ খৰতকীয়াকৈ বাৰে বাৰে তলাবন্ধ দি থকা ব্যৱস্থাটোৰ পৰিৱৰ্তে আন যথাবিহিত ব্যৱস্থা লোৱাহে এতিয়া সময়ৰ দাবী,কাৰণ যিমানে লকডাউন বাঢ়িব সিমানেই মানুহ ভোকাতুৰ হৈ থাকিব লাহিব।ফলত জনতা জনাৰ্দনৰ আশাৰ শেষ বন্তিগছিও স্তিমিত হ’বলৈ বেছিপৰ নালাগিব।ক্ষুধাৰ তাড়নাই যে মানুহক লকডাউন উলঙ্ঘা কৰিবলৈ বাধ্য কৰাব তাকো নুই কৰিব নোৱাৰি।গতিকে চৰকাৰে কৰ’না যুঁজৰ সমান্তৰালকৈ দুৰ্গত মানুহখিনিৰ জীৱন-জীৱিকাৰ সুচলতাৰ দিশটোৰো কাৰ্যকৰী ব্যৱস্থা হাতত লওক।ঔদ্যোগিক দিশৰপৰা ৰাজ্যখন বিশেষভাবে অগ্ৰসৰ নহ’লেও আত্মনিৰ্ভৰ হ’ব পৰাকৈ অন্যান্য বহু ৰাস্তা এতিয়াও খোলা আছে।চৰকাৰী উদ্যোগত আৰ্থিক সহায়েৰে তাত কৰ্মহীনসকলক নিয়োজিত কৰাৰ দিহা কৰক।এই ব্যৱস্থাই ক্ষুধাৰ সমস্যাক মষিমূৰ কৰাৰ লগতে আৰ্থিক মন্দাৱস্থালৈও সুস্থিৰতা অনাত সহায়ক হ’ব।