Breaking

গ্ৰীষ্মকালত বাহিৰলৈ ওলোৱাৰ আগত এই ৫ টা বস্তু বেগত ৰখাটো জৰুৰী…

0 67

যদি আপুনি গ্ৰীষ্মকালত দৈনিক বাহিৰলৈ যাবলগীয়া হয়, তেন্তে নিজকে সুস্থ কৰি ৰাখিবলৈ হেণ্ডবেগত কিছুমান বস্তু লৈ যাব লাগে। সেইবস্তু সমূহৰ বিষয়ে জানো আহক। গ্ৰীষ্মৰ উত্তাপ দিনক দিনে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত যদি আপুনি অফিচ বা কলেজ বা আন কোনো কামৰ বাবে বাহিৰলৈ যাব লাগে, তেন্তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ বস্তু আপোনাৰ লগত ৰখাটো জৰুৰী-

পানীৰ বটল এটা ৰাখক- গ্ৰীষ্মকালত নিজকে হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়। যেতিয়াই আপুনি বাহিৰলৈ ওলাই যায় তেতিয়াই বেগত পানীৰ বটল এটা ৰাখক, অলপ সময়ৰ মূৰে মূৰে পানী খাই থাকিব, ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি নকৰে।

ঔষধযুক্ত মচি – গ্ৰীষ্মকালত সূৰ্য্যৰ পোহৰ আৰু ঘামৰ ফলত মুখৰ উজ্বলতা নাইকিয়া হৈ যায়। ঘামৰ বাবে বীজাণু আৰু বেক্টেৰিয়াইও নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। আনহাতে সকলো সময়তে মুখখনো ধুব নোৱাৰে। এনে অৱস্থাত যেতিয়াই ঘৰৰ পৰা ওলাই যায় তেতিয়াই বেগত ভাল পৰিমাণৰ ঔষধযুক্ত পেপাৰ ৰাখিব লাগে। যাতে আপুনি ঘামৰ পৰা মুখখন ৰক্ষা কৰিব পাৰে।

ছানস্ক্ৰীণ- যদি আপুনি মুখখন ৰ’দৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে ছানস্ক্ৰীণ লগত লৈ যাব লাগিব। কাৰণ ছানস্ক্ৰীন ঘঁহি ঘৰৰ পৰা ওলালে অলপ সময়ৰ ভিতৰতে ইয়াৰ প্ৰভাৱ হেৰাই যায়। সেয়ে ছালৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ তিনি-চাৰি ঘণ্টাৰ মূৰে মূৰে ছানস্ক্ৰীণ লগাব লাগে।

ORS- গ্ৰীষ্মকালত আপোনাক হাইড্ৰেটেড কৰি ৰখাত ইলেক্ট্ৰলাইটৰ বহু ভূমিকা আছে। এনে পৰিস্থিতিত ORS ৰ পেকেট এটাও লগত ৰাখিব পাৰে। যেতিয়াই আপুনি ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে তেতিয়াই ইয়াৰ সহায়ত আপুনি নিমিষতে পুনৰ শক্তিশালী হ’ব পাৰে।

ছাতি- গৰমৰ বতৰত যেতিয়াই বাহিৰলৈ ওলাই যায় তেতিয়াই বেগত এটা সৰু ছাতি ৰাখক।ইয়াৰ ফলত ৰ’দৰ পৰা কিছু সকাহ পাব। ছাতি ব্যৱহাৰৰ ফলত সূৰ্যৰ পোহৰ পোনে পোনে মূৰত নপৰে আৰু ইয়াৰ বাবে মূৰৰ বিষো নহ’ব।

Leave A Reply