Breaking

বছৰৰ এটাত অবতীৰ্ণ হোৱাটো বাধ্যতামূলক ! ২০২৪ ৰ পৰা দশম-দ্বাদশ পৰীক্ষা দুবাৰকৈ…

0 74

২০২৪ বৰ্ষৰ পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হব দশম আৰু দ্বাদশ শ্ৰেনীৰ পৰীক্ষা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই বিষয়ে স্পষ্ট কৰে। মন্ত্ৰী প্ৰধানে শিক্ষাৰ্থী সকলৰ মানসিক চাপ হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰে।

শিক্ষাৰ্থী সকলে এটা পৰীক্ষাত অবতীৰ্ণ হোৱাটো বাধ্যতামূলক বুলি উল্লেখ কৰি ইচ্ছানুযায়ী দুয়োটা পৰীক্ষাত অবতীৰ্ণ হব পাৰিব বুলিও সদৰি কৰে। ছাত্ৰ ছাত্ৰী সকলে যিটো পৰীক্ষাত নম্বৰ অধিক পাব সেইটোৱেই বাহাল থাকিব।

বছৰত এবাৰ পৰীক্ষা অনুষ্ঠিত হ’লে ছাত্ৰ ছাত্ৰী সকলে এটা বছৰ হেৰুৱাব লাগে বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহন কৰা বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। তেওঁ দেশত বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ স্হাপনৰ নিৰ্দেশাৱলী শীঘ্ৰে প্ৰকাশ পাব বুলি সদৰি কৰি মন্ত্ৰী প্ৰধানে বিদেশত আই আই টি দিল্লী আৰু মাদ্ৰাজৰ দুটা চৌহদ স্হাপনৰ কাম অব্যাহত থকা বুলিও উল্লেখ কৰে।

Leave A Reply