Breaking

দেশৰ বহু ৰাজ্যত পুনৰবাৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্রমণ

0 55

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্রমণ। ২৪ ঘন্টাত ৫৩৫৭ জন নতুনকৈ আক্ৰান্ত, পজিটিভিটিৰ হাৰ ৩.৩৯ শতাংশ। কৰ’না ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ বহু ৰাজ্যত পুনৰবাৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ একে সময়তে বহু ৰাজ্যত চৰকাৰে সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।আনহাতে যোৱা দুদিনত ভাৰতত ছয় হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে, দেওবাৰে ৫ হাজাৰ ৩৫৭টা নতুন ক’ভিড পঞ্জীয়ন হয়। ইয়াৰ লগে লগে এতিয়া মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ৩২ হাজাৰ ৮১৪ জনলৈ বৃদ্ধি পাইছে। পজিটিভিটিৰ হাৰ ৩.৩৯ শতাংশলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে অহৰহ এই পৰিসংখ্যাৰ ওপৰত দৃষ্টি ৰাখি ৰাজ্যসমূহক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

Corona ৰ উপ-ভেৰিয়েন্ট বিপদজনক বুলি আকৌ এবাৰ প্ৰমাণিত হৈছে। এনে পৰিস্থিতিত দেশৰ বিভিন্ন ৰাজ্যই ক’ৰ’না ভাইৰাছৰ প্ৰভাৱ বিবেচনা কৰি পদক্ষেপ গ্ৰহণ কৰিছে। বহু ৰাজ্যত আকৌ এবাৰ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। একে সময়তে বহু ৰাজ্যত মানুহক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যোৱা সপ্তাহত স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াইও সকলো ৰাজ্যকে কৰ’নাক লৈ সজাগ হ’বলৈ আহ্বান জনাইছিল।

হাৰিয়ানা-পুডুচেৰীত ৰাজহুৱা স্থানত মাস্ক বাধ্যতামূলক-
ক’ৰোনাৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত হাৰিয়ানা চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। স্বাস্থ্য বিভাগে ৰাইজক কৰ’না প্ৰট’কল মানি চলিবলৈ নিৰ্দেশ দিছে। একে সময়তে কেৰালাত গৰ্ভৱতী মহিলা, বৃদ্ধ আৰু অসুস্থ লোকৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। পুডুচেৰীতো ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। চিকিৎসালয়, হোটেল, ৰেষ্টুৰেণ্ট, সুৰাৰ দোকানত কাম কৰা কৰ্মচাৰীসকলৰ লগতে সকলো ব্যৱসায়িক স্থানত মাস্ক পৰিধান কৰাৰ নিৰ্দেশ দিছে।


এক প্ৰতিবেদন অনুসৰি অহা ১০ আৰু ১১ এপ্ৰিলত ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ জৰুৰীকালীন প্ৰস্তুতিৰ মূল্যায়নৰ বাবে দেশজোৰা মক ড্ৰিল অনুষ্ঠিত কৰা হ’ব। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সকলো প্ৰকাৰে সাজু। তেওঁ কয় যে চিকিৎসালয়সমূহতো সকলো সুবিধা পৰ্যাপ্তভাৱে আছে আৰি প্ৰতি সপ্তাহে সপ্তাহে পৰ্যালোচনা কৰা হৈছে।

Leave A Reply