Breaking

‘বিফল হোৱাটো স্বাভাৱিক। মই বহুবাৰ বিফল হৈছিলো’ UPSCত ৩ নম্বৰ স্থান লাভ কৰা উমা হাৰাথী…

0 101

‘বিফল হোৱাটো স্বাভাৱিক। মই বহুবাৰ বিফল হৈছিলো’ UPSCত উৰ্ত্তীণ উমা হাৰাথী..! পঞ্চমবাৰৰ প্ৰচেষ্টাৰ অন্তত অসামৰিক সেৱাৰ পৰীক্ষাত ৩ নম্বৰ স্থান লাভ কৰে উমা হাৰাথী। উমা হাৰাথী এক বাৰ্তা শ্বেয়াৰ কৰে: “বিফল হোৱাটো স্বাভাৱিক। মই বহুনবাৰ বিফল হৈছিলো।” তেলেংগানাৰ অভিযান্ত্ৰিক স্নাতক উমা হাৰাথি এনক অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ পাঁচবাৰ চেষ্টা কৰিবলগীয়া হৈছিল। ২০২২ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) পৰীক্ষাত তৃতীয় স্থানত লাভ কৰে উমাই।আই আই টি-হায়দৰাবাদৰ স্নাতক উমা শীৰ্ষ চাৰিটা স্থান লাভ কৰা মহিলাসকলৰ ভিতৰত অন্যতম – লগতে ইশিতা কিশোৰ (এ আই আৰ ১), গৰিমা লোহিয়া (এ আই আৰ ২), আৰু স্মৃতি মিশ্ৰ (এ আই আৰ ৪), আটাইকেইজনেই দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক।

এক সাক্ষাৎকাৰত কয় যে, “এয়া মোৰ পঞ্চমটো প্ৰচেষ্টা আছিল। এইটো এক দীঘলীয়া প্ৰক্ৰিয়া আৰু ই সহজ নাছিল। কিন্তু ই আছিল এক দীঘলিয়া যাত্ৰা।” ২৮ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পিতৃয়েই তেওঁক অসামৰিক সেৱাৰ প্ৰতি প্ৰেৰণা যোগাইছিল। সফলতাৰ কোনো এটা সূত্ৰ নাই আৰু অধ্যৱসায়েই কিবা এটা লাভ কৰাৰ চাবিকাঠি বুলিও উমাই।তেওঁ আৰু কয় যে ছাত্ৰ-ছাত্ৰীসকলে যিমান প্ৰয়োজন সিমানখিনিহে পঢ়িব লাগিব।”বেছিকৈ পঢ়িব নালাগে। মাত্ৰ যিমান লাগে সিমান পঢ়ক আৰু অনুশীলন কৰক। এইটো এটা প্ৰতিযোগিতামূলক পৰীক্ষা আৰু অনুশীলনে সকলো সম্ভৱ । গতিকে, বহুত অনুশীলন কৰক, নিজৰ কৌশল ৰাখক।”৬১৩ জন পুৰুষ আৰু ৩২০ জন মহিলাকে ধৰি ৯৩৩ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে। শীৰ্ষ ২৫ ৰ ভিতৰত ১৪ গৰাকী মহিলা আৰু ১১ গৰাকী পুৰুষ।

Leave A Reply