Breaking

জানিলে আচৰিত হ’ব সৰিয়হৰ ঔষধি গুণৰ বিষয়ে…

0 107
  • সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে দাগ আঁতৰে।
  • ক’লা সৰিয়হ পিহি আঞ্জা বনাই খোৱাটো কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।

  • গোধা ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ নিৰাময় হয়।
  • কিছুমানৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি লগালে আৰাম পোৱা যায়।
  • দাঁতত হালধীয়া দাগ পৰিলে নিমখ, ছোডাখাৰ, নেমুটেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।

  • নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়।
  • টোপনি কম হ’লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়।
  • চূণে ডাকিলে, ডকা অংশত সৰিয়হ তেল লগালে আৰাম পোৱা যায়।
  • গা ধোৱাৰ সময়ত কেঁচা সৰিয়হ তেল সানি গা ধুলে ঠাণ্ডা নালাগে।
  • মাত ভাগিলে কেঁচা সৰিয়হ তেল চাহ চামুচেৰে এচামুচ খালে মাত ওলায়।

  • চর্দি বা কাহ হ’লে সৰিয়হ তেলত নহৰু, ক’লা জিৰা দি গৰম কৰি মালিচ কৰিলে আৰাম পোৱা যায়।
  • তেল পেটত সৰিয়হ তেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়।
  • সৰিয়হ তেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।
Leave A Reply