Breaking

আজি অভিশপ্ত ৩০ অক্টোবৰ…

0 168

এটা ক’লা দিন! আজি অভিশপ্ত ৩০ অক্টোবৰ। অভিশপ্ত দিনটোৰ সম্পূৰ্ণ হ’ল ১৫টা বছৰ।যি বিস্ফোৰণে কঁপাই থৈ গৈছিল ৰাজ্য। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে৷ মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীত সংঘটিত হৈছিল বিস্ফোৰণ৷

একেসময়তে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰতো হৈছিল বিস্ফোৰণ৷ থান-বান হৈছিল বহু পৰিয়ালৰ সপোন, কিন্তু আজিও ন্যায় নাপালে নিহত-আহতৰ পৰিয়ালে৷ এই বিস্ফোৰণৰ ফলত মৃত্যু হোৱা সকলক সুঁৱৰি আজি গনেশগুৰিত ৰাজ্য চৰকাৰৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।

Leave A Reply